ঠুনুকা হৃদয় - শান্তনু হাজৰিকা

©Admin
0
ঠুনুকা হৃদয়ে উচুপি কন্দিছে
সঁহাৰি দিওঁতা নাই,
দুচকুৰ চকুলোঁ দুচকুত শুকাই গ'ল
কোনে কাৰ মুখলৈ চায় ?
নিশাৰ জোনটোৰ জিলিকণি হেৰালে
ফুলে হেৰুৱালে পাহি,
আৱৰি ধৰিলে বিশাল আন্ধাৰে
সুখবোৰ নিলে কাঢ়ি ।
স্মৃতি বোৰহে সংগী হৈ ৰ'ল
সময়ে লৈ গ'ল সপোন,
বুকুৰ মৰমবোৰ বুকুতে মৰহিল
সকলো দুদিনৰ আপোন ।।।
                              
✍️শান্তনু হাজৰিকা
বিশ্বনাথ চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)