পুষ্টবৰ্দ্ধক খাদ্য : ভেদাইলতাৰ উপকাৰিতা -চিন্ময় ডেকা

ভেদাইলতা গাৱলীয়া পৰিৱেশত অতিকৈ সহজলভ্য। ই ঔষধি গুণাগুণেৰে পৰিপূৰ্ণ এবিধ বনশাক। সচৰাচৰ ঘৰৰ বাৰীখনৰ পিছফালে এচুকত হাবিতলীয়া ঠাইত নিজে গজা এবিধ লতাজাতীয় উদ্ভিদ। ইয়াৰ গুণ ৰাজিৰ বিষয়ে যথেষ্ট সংখ্যক লোকেই জ্ঞাত। অৱশ্যে, তাহানি কালৰ আইতা-ককাৰ ৰন্ধন-শৈলী অৰ্থাৎ দুহাতৰ জুতি কাহিনীওঁ পাহৰিব নোৱাৰোঁ। কি অপূৰ্ব সোৱাদ,  আলু আৰু দৰিকণা মাছৰ সৈতে ভেদাইলতাৰ আঞ্জা অনবদ্য। তথাপি সাম্প্রতিক সময়ৰ গ্ৰাম্য পৰিবেশত ডাঙৰ-দীঘল হোৱা হেতুকে এতিয়াওঁ মায়ে পৰাপক্ষত পথাৰৰ হাবি-বন গছকি ভেদাইলতা বিছাৰি আনি আমাক খুৱাই। এইক্ষেত্ৰত মই বঢ়াই কোৱা হ'ব। যিটো, চিৰন্তন সত্য। সময়ৰ ব্যৱধানত আধুনিকতাৰ জীৱন ধাৰণ প্ৰণালীৰ সোঁতত হেৰাই যাব ধৰা এই লতাজাতীয় শাক বিধ আমাৰ বৰ্তমানেও প্ৰিয়। ইয়াৰ বৈজ্ঞানিক নাম হ'ল -------'Paedericto Chide।' ভেদাইলতাত বহু উপকাৰি গুণাগুণ পোৱা যায়। মই ভেদাইলতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ গৈ মোৰ চকু কপালত উঠিল। কিয়নো এক সমীক্ষাত পোৱা তথ্য অনুসৰি আমাৰ গোটেই বিশ্বত এই লতাজাতীয় উদ্ভিদ 'ভেদাইলতা' আয়ুৰ্বদিক আৰু এলোপেথিক মিলাই সহস্ৰ-শতাধিক গৱেষণা পত্ৰত ইয়াৰ উপকাৰিতাৰ বিষয়ে প্ৰকাশিত হৈ আছে। এতিয়াও বিশ্বৰ কেইবাটাও প্ৰয়োগশালাত ইয়াৰ গুণাগুণৰ ওপৰত বৈজ্ঞানিক অনুসন্ধান চলি আছে। ইয়াত থাকে কেৰটিন, ভিটামিন-চি, এলকেলইড, ফেটি এচিড, চেপনিন, কুইনন ইতাদ্দিৰ লগতে লাগতিয়াল কিছু ৰাসায়নিক মৌল। ই পুষ্টবৰ্দ্ধক হোৱাৰ উপৰিও শৰীৰৰ ৰোগনাশক কাৰ্যত উল্লেখনীয় অৱদান আগবঢ়াই। ভেদাইলতাই মানৱ জীৱনত ঘটা বিভিন্ন বেমাৰৰ প্ৰতিষেধক হিচাপে শক্তি যোগায়। যেনেধৰক কাহ-চৰ্দি, পেৰালাইচিচ, স্নায়বিক দুৰ্বলতা, হাঁপানি, বদ-হজম, পেটৰ বিষ, লিভাৰ, ডায়েৰিয়া ইতাদ্দি ৰোগৰ উপশম কৰে। ভেদাইলতাৰ গছ আৰু পাত মোহাৰিলে তীব্ৰ অৰ্থাৎ অসহ্যকৰ গোন্ধ ওলাই, সেয়ে ইয়াক কিছু সংখ্যক লোকৰ মাজত পাদুৰীলতা, গন্ধপাদাল, পাদে লহৰি আদি নামাকৰণে জনাজাত। উল্লেখ্য যে, এই উৎকট গোন্ধ ডাইমিথাইল ডাইচাল্ফাইড নামৰ মিশ্ৰিত চালফাৰ পদাৰ্থৰ বাবে ওলায়। তথাপি এই বনশাক বিধ সিজালে বা উতলালে গোন্ধ নোহোৱা হৈ পৰে। ভেদাইলতা গৰম কৰি খালে পেটৰ অসুখ ভাল হয়। এককথাত আমিশভোজী লোকৰ বাবে ই অতি হিতকাৰক আৰু ৰুচিবোধক। ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়। ছালৰ ৰোগ, প্ৰসূতি প্ৰসৱৰ বাবে ভেদাইলতা অত্যন্তই উপকাৰী। সেয়ে আমি সকলোৱে ভেদাইলতা খোৱা উচিত।                
               কিন্তু, বৰ্তমান বিশ্বায়নৰ যুগ, এই যুগত আমাৰ পৌৰাণিক লোক-কলাৰ খাদ্যাভাস সলনি হ'ল। আজিৰ শিশু অৰ্থাৎ নৱপ্ৰজন্ম পশ্চিমীয়া খাদ্য সংস্কৃতিৰ দিশে আকৃষ্ট হ'ল। মানুহৰ ঠাইৰ নাটনি হ'ল। গাঁওঞ্চলত লোকসকল চহৰমুখী হ'ল৷ সেইহেতুকে মানুহৰ ৰুচিবোধ আৰু খাদ্যাভ্যাস সলনি হ'ল। থলুৱা গাঁৱলীয়া খাদ্যৰ ঠাই দখল কৰিলে'হি 'ফাষ্টফুডে' চহৰৰ অলিয়ে-গলিয়ে এতিয়া কে.এফ.চি, মেকড'নাল্ড, বাৰ্গৰকিং জাতীয় বিপণি গঢ়লৈ উঠিল।আজিৰ প্ৰজন্মৰ আমাৰ দৰে সমবয়সীয়া অধিকাংশই শাক-পাচলি মুখলৈ নিবলৈ পচন্দ নকৰা হ'ল। একবিংশ শতিকাত জীৱশ্ৰেষ্ঠ মানৱ জাতি বোৰৰ নিজস্ব খাদ্যাভাস সলনি হ'ল অৰ্থচ্ আধুনিক হ'ল। তথাপি মনৰ পৰা সংস্কাৰ, মানসিকতা সলনি নহ'ল। এয়াই হয়তো আমাৰ দেশ তথা ৰাজ্যৰ অনাগত ভৱিষ্যত। 

✍️চিন্ময় ডেকা, জলাহ 
টংলা ,ওদালগুৰি
দূৰভাষ:-৬০০২৬৬৬৫৯৩

Post a Comment

Previous Post Next Post