গৃহিনী ৰূপত নাৰীৰ ভূমিকা -ছেলিমা বেগম

Rinku Rajowar
0
মই এজনী গৃহিনী ৰূপত ইয়াকে কবলৈ বিচাৰিছোঁ যে ঘৰখনত এজনী আদৰ্শ গৃহিনী থাকিব লাগিব। যাতে ঘৰ খন চলোৱাৰ বাবে কোনো ধৰণৰ বেমেজালি নহয় । সত্যত থাকি ধৈৰ্য্য সহকাৰে ঘৰ খন চলাই নিব লাগে। এজনী গৃহিনী ঘৰ এখনত মূল চাবিকাঠি। ঘৰ খনৰ লক্ষ্মী হল গৃহিনী সেইয়েহে গৃহিনী গৰাকীয়ে ঘৰৰ লক্ষ্মী কেনেকৈ আনিব লাগে এই কথা সদায় মনত ৰাখিব লাগিব। নিজৰ সন্তানক কেনেকৈ ভবিষ্যত গঢ় দিব লাগে ,পঢ়াৰ ক্ষেত্ৰত ধাউতি বঢ়াব লাগে যাতে কোনো কাৰণতে কু সংগ , কু অভ্যাস ত যোগ দিব নোৱাৰে। সন্তানৰ লগত সদায় সত্য কথা কব লাগে তেতিয়া হলে সেই শিশু নিজকে সত্যত থাকিবলৈ শিক্ষা লব ।ঘৰ সজাই ৰখা টো এজনী গৃহিনীৰ কৰ্তব্য। ঘৰ খন  সদাই চাফ চিকুণ কৈ পৰিস্কাৰ কৰি ৰাখিব লাগে । বেমাৰ আজাৰ পৰা হাত সাৰি থাকিব লৈ হলে পৰিস্কাৰ পৰিচ্ছন্নতা হৈ থকা টো গৃহিনীয়ে সদায় চকুদিব লাগে। 
ঘৰখনত এজনী আদৰ্শ মাতৃ থাকিব লাগিব, মাতৃ হল ঘৰ খনৰ শিক্ষাৰ মূল কঠীয়া তলী। যি ঘৰত সদায় কাজিয়া থাকে সেই ঘৰত কেতিয়াও উন্নতি নহয়। গৃহিনীয়ে ঘৰ খন সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিলে ঘৰ খনত শান্তি আনিব পাৰে। এই খিনি এজনী গৃহিনীৰ ভূমিকা ,এই খিনি ভাল doireb পালন কৰিলে হে ঘৰ খন সোণৰ সংসাৰ হব।
       .         এজন পুৰুষৰ উন্নতিৰ আঁৰত এজনী নাৰী থাকে ,নাৰী এগৰাকীৰ অনুপ্ৰেৰণাই পুৰুষৰ জীৱনলৈ পৰিৱৰ্তন আনি দিব পাৰে ৷নাৰী এগৰাকীয়ে নিজৰ দুখ- যন্ত্ৰণা পাহৰি স্বাৰ্থহীন বাবে নিজৰ পৰিয়ালৰ কাৰণে সকলো কৰি যাব লাগে ৷
         মানৱ জাতিৰ ঘাই শিপাডালেই হৈছে নাৰী ৷নাৰী অবিহনে পৃথিৱীৰ সকলো অস্তিত্বহীন ৷অকল পুৰুষৰ ওপৰত যে সংসাৰ খন চলিব লাগে সেই কথা এজনী গৃহিণীয়ে ভালকৈ বুজিব লাগে ৷ঘৰখনত এখন নিকা পৰিবেশ আনিবলৈ হলে গৃহিণীজনী সচেতন হ’ব লাগিব ৷গৃহিণী এজনী মৃত্যুৰ দিনলৈকে নিজৰ ঘৰখন আপোন বুলি আঁকোৱালি লব লাগে ৷এজনী গৃহিণীয়ে ঘৰৰ সকলো দায়িত্ব লৈ সন্তানৰ ক্ষেত্ৰত লিংগ বৈষম্য নাৰাখি সৎ আচৰণ দেখুৱাই দিব পাৰিলে ঘৰখন স্বৰ্গত পৰিনিৰ্বাণ কৰিব পাৰিব ৷ নিজৰ সন্তানক ভুলটো দেখুৱাই দিয়াটো উচিত ,যাতে সি নিজক শুধৰাই লব পাৰে ৷এজনী গৃহিণীয়ে পুত্ৰ সন্তানৰ লগত কন্যা সন্তানক যাতে একে লগে আগুৱাই নিব পাৰে তাৰ প্ৰতি সচেতন হ’ব লাগিব ৷
       ফুলনিত ফুলি থকা এপাহ ফুলে গোটেই ফুলনিখনকে সজাই তোলে ৷এপাহ ফুলৰ ৰং আছে আকৰ্ষণীয় গুণ আছে ,সেয়ে এজনী গৃহিণীক ফুলৰ লগত তুলনা কৰিব পাৰি ৷পৰিয়ালৰ বাগিছাখন যাতে সুন্দৰকৈ সজাই পৰাই ৰাখিব পাৰে ৷এজনী আদৰ্শ গৃহিণীয়ে নিজৰ ভিতৰৰ কুসংস্কাৰ ত্যাগ কৰি জ্ঞানৰ আলোক লৈ ঘৰখন আকৰ্ষণ কৰিব পাৰিব ৷

◾ছেলিমা বেগম 
জিলা - নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)