মৰমৰ দেউতা - আব্দুল কাদেৰ মিঞা

আমাৰ জীৱনত মাকৰ যিমান মূল্য আছে দেউতাৰ সিমানেই , সেই বাবে মাক দেউতাকৰ স্থান ভগৱানৰ পিছতে দিয়া হৈছে । মা আৰু দেউতা ,এজন আন জনৰ অবিহনে কেতিয়াও পূৰ্ণ হ'ব নোৱাৰে । মানৱ সমাজৰ সৃষ্টিৰ মা আৰু দেউতাৰ পৰাই আৰম্ভণি হৈছে । মায়ে যদি ৯ মাহ বহন কৰিছে , দেউতাই ২৫ বছৰ বহন কৰিছে ,দুয়ো সমান । তাহানিৰ পৰা বৰ্তমান লৈকে আমাৰ জীৱনত দেউতাৰ অৱদান আৰু তেওঁৰ প্ৰতি ভালপোৱাৰ কিছু অংশ দাঙি ধৰিবলৈ চেষ্টা কৰিলো।
আমাক দুষ্ট কামত গালি আৰু ভাল
 কামত উৎসাহ দিয়া জনেই হ'ল আমাৰ দেউতা ,ঘৰত কাকো নোশোধাকৈ বাহিৰত গ’লে যিজনে আজিও গালি দিয়ে ,তেওঁৱেই আমাৰ মৰমৰ দেউতা ৷
দেখাত খঙত থকা নিচিনা লাগিলেও কিন্তু হৃদয়ত হাঁহি এটা লৈ ফুৰে সেই জনে আমাৰ কাৰণে দেউতা।
বেমাৰ আমাৰ হয় আৰু ডাক্তৰৰ চিন্তা সকলোতকৈ বেছি হয় দেউতাৰ, কাৰণ দেউতাই আমাক আমাতকৈ বেছি ভাল পায়।
চেণ্ডেলযোৰ বেয়া হৈ গ'লেও যাৰ কাৰণে বেয়া নহয়, ইমান দিনৰ পিছতো নিজৰ চাৰ্টটো পুৰণা নহয়,অথচ আমাৰ কাৰণে সময় মতে নতুন চেণ্ডেল আৰু চাৰ্ট কিনে আৰু সকলোতকৈ বেছি সুখী দেউতাই
 হয়। প্ৰতিটো মূহুৰ্ততে সন্তানৰ কাৰণে পৃথিৱীৰ সমস্ত সুখ ক্ৰয় কৰিব বিচৰা জনেই আমাৰ দেউতা। নিজে কষ্টৰ মাজত থাকি আমাক কষ্ট অনুভৱ কৰিব নিদিয়া জনেই দেউতা ।
দুখ দেউতাৰো লাগে,ভাগৰ দেউতাৰো লাগে, জীৱনৰ কিছুমান ক্ষেত্ৰত দেউতাও হাৰিছে, হতাশ দেউতায়ো হয় , তথাপিও গতি কৰি থাকে একেদৰেই , কিন্তু আমি কেতিয়াও গম নাপাওঁ।
মায়ে আঙুলিত ধৰি খোজ কাঢ়িব শিকায় ,দেউতাই গোটেই পৃথিৱী খনক চিনিব শিকায়।
মায়ে যদি আহাৰ খোৱাই দিয়ে দেউতাই  সেই আহাৰক যোগাৰ কৰি দিয়ে।
আমি ভগৱানক দেখা নাপাওঁ কিন্তু ভগৱানৰ ৰূপত দেউতাক দেখিবলৈ পাওঁ।
যিজন ভগৱানক আমাৰ ইচ্ছা-আশাবোৰ পূৰণ কৰিবৰ বাবে মন্দিৰ বা মছজিদত প্ৰাৰ্থনা কৰিব নালাগে, ঘৰতেই পোৱা যায়।
সকলোতকৈ বিশুদ্ধ মৰম ভালপোৱা মা দেউতাৰ পৰাই পোৱা যায় আৰু তেওঁলোকে আমাৰ পৰা একোৱেই নিবিচাৰে মাথোঁ বিচাৰে আমিও তেওঁলোকক তেওঁলোকৰ সমানেই মৰম কৰাটো । মা দেউতাই সন্তানৰ পৰা ইয়াৰ বাহিৰে একো নিবিচাৰে।
দেউতা তুমিয়ে মোৰ স্বপ্ননীল আকাশৰ জোনাক।
যদি কেতিয়াবা পথৰ পৰা বিচ্যুত হওঁ তুমিয়ে বাৰে বাৰে মোৰ পথ দেখুৱাই দিয়া।
মোক খং কৰে, ইমান শাসনো কৰে,তাৰ পিছতো মোৰ প্ৰতি মৰম কʼম‌‌ হ'বলৈ নিদিয়ে।
দেউতা, অসম্ভৱ ধৰনে ভাল পাওঁ তোমাক! 
দেউতাই সন্তানক প্ৰত্যেক সাঁজতে  খাদ্যৰ যোগান কেনেকৈ ধৰি আছে কেতিয়াও জানিব নিদিয়ে।
সকলো দেউতা হৈছে সাহসৰ প্ৰতীক যাৰ আমি সাহসী মুখ খন দেখিছোঁ কিন্তু কেতিয়াও তেঁওৰ কষ্টৰে ভৰা ভাগৰুৱা মুখ খন দেখা নাই। আৰু কেতিয়াও চকুত চকুপানী নেদেখা জনেই আমাৰ দেউতা। সন্তানৰ সুখৰ কাৰণে নিজৰ সুখ  পাহৰি যোৱা জনেই হ'ল আমাৰ দেউতা। ৰাতি ঘৰত আহোতে পলম হ'লে প্ৰথমে আমাৰ মোবাইলত ফোন কৰা ব্যক্তি জনেই আমাৰ দেউতা, ৰাতি হৈছে এতিয়াও ঘৰত কিয় নাহা ? তোমাৰ মায়ে তোমাৰ কাৰণে অপেক্ষা কৰি আছে বুলি কোৱা জনেই আমাৰ দেউতা। হয় ! অপেক্ষা অকল মাকৰ নহয় দেউতায়ো কৰিছে। কাৰণ আমি কোনো দুৰ্ঘটনাৰ সন্মুখীন হোৱাটো মা দেউতাই কেতিয়াও নিবিচাৰে।
দেউতা মানে অভাৱ পূৰণৰ এক যন্ত্র সদৃশ, আজীৱন একমাত্ৰ সন্তানৰ সুখৰ বাবে অজস্ব দুখ- যন্ত্রনা নিজস্বতা আদি বিসৰ্জন দি দিন ৰাতি একাকাৰ কৰি সন্তানৰ সাফল্য বিচৰা জনেই আমাৰ দেউতা । আমাক সুখত ৰাখিবলৈ যিজনে নিজে কান্দে, আমাৰ এটি হাঁহিৰ বাবে নিজৰ মুখৰ হাঁহি নাইকীয়া কৰা জনেই দেউতা।
মোৰ মতে আজি লৈকে মা দেউতাৰ ভালপোৱাৰ বিষয়ে কোনেও সম্পূৰ্ণ ভাৱে লিখিব পৰা নাই। মা দেউতাৰ ভালপোৱা কেতিয়াও জুখিব নোৱাৰি। কেৱল হৃদয়ৰ সকলো অনুভূতিৰ মাজত সজাই ৰাখিব পাৰি।
সন্তানৰ প্ৰতিটো সংকটজনক পৰিস্থিতিত প্ৰথমে সহায়ৰ হাত আগবঢ়োৱা ব্যক্তি জনেই দেউতা।
দহজন সন্তানক সমান অধিকাৰ,সমান শিক্ষা,সমান ভালপোৱা দিয়া জনেই আমাৰ দেউতা।দেউতাৰ ওচৰত সন্তান কেতিয়াও ডাঙৰ নহয় আৰু সন্তানৰ প্ৰতি ভালপোৱা কেতিয়াও কম নহয়।
আমাৰ জীৱনৰ প্ৰথম বন্ধুয়ে হৈছে আমাৰ দেউতা।
দেউতা তুমি মোৰ এন্ধাৰ ৰাতিৰ জোনাক, তোমাৰ অবিহনে মোৰ জীৱন কল্পনাৰ অতীত।
দেউতা অশিক্ষিত হ'লেও আমাৰ জীৱনৰ প্ৰথম শিক্ষক। আমি পৃথিৱীৰ ওচৰত বহু ডাঙৰ হ'ব পাৰোঁ কিন্তু দেউতাৰ ওচৰত সেই ফুলকুমলীয়া
 শিশুটোয়ে। আমাৰ ভবিষ্যত উজ্জ্বল কৰাৰ কাৰণে দেউতাই নিজৰ জীৱন অন্ধকাৰৰ মাজত ঠেলি দিয়ে  । আঘাত আমি পাওঁ কষ্ট দেউতাই
 অনুভৱ কৰে।
স্বপ্ন দেখো আমি , বাস্তৱত ৰূপায়িত দেউতায় কৰে। আমাৰ অকৰ্ম জীৱনত কৰ্ম  বিচৰা প্ৰথম ব্যক্তি জনেই আমাৰ দেউতা। প্ৰয়োজনত মানুহৰ আগত অপমানিত হৈয়ো আমাক  সফলতাৰ উচ্চ শিখৰত লৈ যোৱা জনেই আমাৰ দেউতা। দেউতা আমাৰ জীৱনত বৃক্ষ,শিক্ষক, অভিনেতা, শিল্পী, চিত্ৰকাৰ, বুদ্ধিজীৱী, আইনজীৱী, ডক্টৰ, বিজ্ঞানিক কেৱল মাত্ৰ সন্তানৰ সফল ভবিষ্যত, আৰু সকলো সময়তে সন্তানৰ হাঁহি ভৰা মুখ খন চোৱাৰ বাবে পিতৃয়ে সকলো অসম্ভৱ কাৰ্য সন্তানৰ বাবে সম্ভৱ কৰিব পাৰে। শৈশৱত আবেলি পৰত যিজন মানুহৰ আঙুলি ধৰি খেল ধেমালি কৰিছোঁ তেওঁয়েই আমাৰ দেউতা। যিজন ব্যক্তিৰ বুকুৰ মাজত সোমাই ৰাতি পৰিদেশৰ সাধু কথা শুনি টোপনি গৈ আহিছোঁ সেই জনেই আমাৰ দেউতা। মই টোপনি যোৱাৰ পিছত মোৰ কাষতে শুই কেতিয়াবা মোৰ মুৰত হাত বুলাই কপালত চুমা খাই আদৰ কৰা জনেই আমাৰ দেউতা। নিজে নিজে আমাক লৈ গৌৰৱ অনুভৱ কৰা জনেই আমাৰ দেউতা। পৃথিৱীৰ বিভিন্ন দেশৰ লগতে আমাৰ ভাৰতবৰ্ষতো পিতৃক সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে জুন মাহত পিতৃ দিৱস পালন কৰা হয়। 
সমসাময়িক নৱ প্ৰজন্ময় যেন যিমানে উন্নত মানৰ জীৱন যাপন কৰি আহিব ধৰিছে সিমানেই দেউতাৰ প্ৰতি  শ্ৰদ্ধা আৰু ভালপোৱা কমি আহিব ধৰিছে।
যেতিয়া ল'ৰাই নিজে উপাৰ্জন কৰিব পৰা হয় তেতিয়া এই জীৱ ন্ত ভগৱানক বৃদ্ধা আশ্ৰমত ৰাখি ঘৰত মাটিৰ ভগৱানক পূজা অৰ্চনা কৰে। সৰুতে যেতিয়া সন্তানে টেবুলৰ পৰা দেউতাৰ ঘড়ীটো পেলাই ভাঙিছিল, তেতিয়া দেউতাকে সৰু ভুল বুলি ক্ষমা কৰি দিছিল, বয়সৰ পৰিবৰ্তনে সন্তানে কৰা এটি এটি ভুল মা দেউতাই সহজেই ক্ষমা কৰি দিছিল। আৰু এতিয়া আজি বুঢ়া দেউতাই  থৰকবৰক হাতখনৰ কাৰণে কাঁচৰ গ্লাছটো ভাঙিলে, তেতিয়া বোৱাৰীয়ে দেউতাকক কৰা অপমান সেই পুত্ৰই মুখেৰে একো নোকোৱাকৈ মৌন হৈ থাকে।
ধিক্কাৰ সেই পুত্ৰক যিয়ে পত্নীৰ কাৰণে ভগৱানক কষ্ট দিয়ে।
আজি তুমি যি পৰিস্থিতিত আছা যিটো বয়সত ভৰি দি যি উল্লাসত জীৱনৰ ৰঙীণ মূহুৰ্ত অতিবাহিত কৰি আছা সেইটো বয়স এদিন তোমাৰ দেউতাৰ আছিল । দেউতাক কেতিয়াও মুৰ্খ,পাগল বুলি নাভাবিৱা,দেউতাই তোমাৰ আৰত তোমাৰ দৃষ্টি ভংগী তোমাৰ অনুভূতি, তোমাৰ চৰিত্ৰ দুৰৰ পৰা হ'লেও প্ৰত্যক্ষ কৰে। দেউতাকৰ চকুত ধূলি দিয়াৰ প্ৰয়াস নকৰিবা কাৰণ ভগৱানৰ পিছতে তোমাৰ সৃষ্টিৰ মূল ব্যক্তি জনেই তোমাৰ দেউতা। আমাৰ জীৱনৰ সফলতাৰ বাবে আমাক সকলো সময়ত ছি আই ডি ৰূপে আমাৰ জীৱনৰ কু প্ৰভাৱ সমুহৰ ওপৰত সদাই বাধা প্ৰদান কৰা ব্যক্তি জনেই আমাৰ দেউতা।
পৃথিৱীৰ সকলো সন্তানক মোৰ বিনম্ৰ অনুৰোধ দেউতাৰ মনত কেতিয়াও আঘাত দিয়াৰ চেষ্টা নকৰিবা। আজি তুমি পৃথিৱীৰ শ্ৰেষ্ঠ ব্যক্তি হ'ব পৰা সেই বাবে দেউতাকক কেতিয়াও তুচ্ছ বুলি নাভাবিৱা । কাৰণ আজি তুমি দেউতাৰ সৎ প্ৰশিক্ষণৰ বাবে তুমি নিজৰ পৰিচয়  বিশ্ববাসীৰ আগত দাঙি ধৰিব পাৰিছা। 
তোমাৰ সফলতাক লৈ তুমি নিজৰ প্ৰতি যিমান গৰ্ভিত অনুভৱ কৰিছা তাতকৈ অধিক আনন্দ তোমাৰ দেউতাই অনুভৱ কৰে। যিজন সন্তানৰ পিতৃ নাই তাৰ ওচৰত সুধিবা দেউতা নথকাৰ কিমান কষ্ট। পিতৃহীন সন্তানে হে বুজি পায় দেউতাকৰ ভালপোৱাৰ কথা।সময় পৰিবেশ আৰু সম্পৰ্ক সদাই সলনি হৈ থাকিব কিন্তু দেউতাৰ সন্তানৰ প্ৰতি ভালপোৱা কেতিয়াও সলনি নহয়। উন্নত মানৰ জীৱন নিৰ্বাহৰ লগত নিজকে জড়িত কৰি বৰ্তমান নৱ-প্ৰজন্ময় বন্ধু বান্ধবীৰ ওচৰত নিজৰ দেউতাক পিতৃ বুলি পৰিচয় দিবলৈ কষ্ট অনুভৱ কৰে। কাৰণ দেউতাৰ শুকান চেহেৰা আৰু উন্নত মানৰ পোছাক পৰিধান নকৰাৰ বাবে  নিজৰ ভগৱানৰ পৰিচয় দিবলৈ কষ্ট পায়।  সন্তানৰ ভাগ্যৰ ৰেখা সলনিৰ বাবে আৰু পৰিয়ালৰ চাহিদা পূৰণ কৰা দেউতাৰ পৰিশ্ৰমি হাত দুখন কেতিয়াবা কোনো সন্তানে দেখা চেষ্টা নকৰে কিন্তু নিজৰ চাহিদা পূৰণৰ বাবে দেউতাৰ হাত দুখন বৈদ্যুতিক যন্ত্ৰ হিচাপে ব্যৱহাৰ নিশ্চয় কৰে। দেউতা নথকা সন্তান ডেউকা নথকা চৰাইৰ দৰে। এইখন জগতত চলিবলৈ হ'লে বহু ঘাত-প্ৰতিঘাতৰ সম্মুখীন হ'ব লগা হয় । চৰাই এটাই যেনকৈ নিজৰ ডেউকা নাথাকিলে উৰিব নোৱাৰে এজন সন্তানৰ ক্ষেত্ৰত ঠিক তেনেকুৱায় ।
পৃথিৱী থমকি ৰব কিছু সময়ৰ কাৰণে ,যদি হৃদয়ৰ পৰা অনুভৱ কৰা দেউতাৰ ভালপোৱাৰ বিষয়ে।

Post a Comment

Previous Post Next Post