মই যোৱাৰ পাছত -ৰাহুল চেতিয়া

  মই যোৱাৰ পাছত
 উপলব্ধি কৰিবা তুমি
 বাৰে বাৰে মোৰ নীসংগতা !
 যেতিয়া লৈকে কাষত আছিলো
 এদিনো মৰমৰ মাত এষাৰ নিদিলা.....
 অকল গালিয়েই দি থাকিলা
 এতিয়া মই নাই কাষত ,
 বুজি পাবা মোৰ মূল্য কিমান?
 মোৰ ঠাই কোনেও লব নোৱাৰে
 অকল মই  পাৰিছিলো।
 আজি তুমি অনুতপ্ত!
 যেতিয়ালৈ জীয়াই থাকিবা
 মৰমত আৰু প্ৰেমেৰে জীয়াই থাকিব শিকিবা
 নাজানো কত কেতিয়া তুমি মৰিবা..
 মই মৰা পাছত
 মোৰ গুণ-গান গাই লাভ নাই
 জীয়াই থাকোতে যদি নেগাই,
 মৰাৰ পাছত কান্দিলে কি হব ?
 জীয়াই থাকোতে শান্তি আৰু মৰম নিদিলে ,
 যদিহে দিব বিচৰা
 জীয়াই থাকোঁতেই
 মৰম আৰু শান্তি দিয়া..
  মই যোৱাৰ পাছত
 কন্দাৰ নাটক কৰি
 কিবা জানো সাৰ্থক হব?
 ভগবানে টো জানে মই কেনেকুৱা!
 মানুহ বোৰক মূৰ্খ বনাইছাঁ কিয়?
 নে তুমি  মূৰ্খ তেনেকুৱা..
 মৰাৰ পাছত নোসোধে
 কিমান কাজিয়া কৰিলে!
 সুধিব মাথোঁ
 জীয়াই থাকোতে কিমান সহযোগ কৰিলে?
 সম্পৰ্ক বোৰ সঁচা প্ৰেম আৰু মৰমত কৰিবা ।
 সম্পৰ্কৰ গম্ভীৰতাক বুজাবা
 কাজিয়া কৰিও লাভ নাই ,
 জীৱনৰ মূল মন্ত্ৰ হ'ল প্ৰসন্নতা
 ইয়াৰ কাৰণেই
 তুমি , মই জীয়াই আছিলোঁ
 এতিয়া মই যোৱাৰ পাছত
 সদায় সুখত থাকিবলৈ শিকিবা
 জীৱনটো মৰম আৰু প্ৰেমেৰে পাৰ কৰিবা।

◾ৰাহুল চেতিয়া
নিলখ পূৰ 
চিলাপথাৰ ,ধেমাজি

Post a Comment

Previous Post Next Post