নৈখন শুকাই আহিছে-ৰীতামণি বৰদলৈ

Rinku Rajowar
0
নৈখন শুকাই আহিছে!
ক্ৰমশঃ শুকান সৰাপাতৰ মৰমৰনিত  সৃষ্টি হৈছে অস্থিৰতা।
জীপাল সেউজীয়াবোৰ  বিবৰ্ণ হৈ পৰিছে,
ধূলিৰে ধূসৰিত চৌপাশে এতিয়া কেৱল মৰুভূমি।
বৰ্ণিল সপোন
 কঢ়িয়াই অনা 
প্ৰিয় ঋতু বোৰৰ বহুদিনেই দেখাদেখি নাই।
আবেগ অনুভূতিৰে জীপাল গভীৰ  প্ৰেমত  মগ্ন পৃথিৱীৰ গতি যেন হঠাতে  স্থবিৰ  হৈ পৰিছে।
নৈখন  ক্ৰমে শুকাই আহিছে!
পুখুৰী, পিতনি, জলাশয়বোৰত শুষ্কতা।
নৈৰ বালিচৰত এতিয়া 
বিৰাজমান নিসংগতা,
কথকী হাঁহিৰে উমাল নৈৰ পাৰৰ আবেলিবোৰ   হ'ল
উদং চাপৰি। 
গৰখীয়া বাঁহীৰ  সুৰত উত্তাল সন্ধিয়াটো এতিয়া নিমাওমাও।
চন পৰা  মাটিৰ দুৰ্দশাত আজি  আশাৰ 
সপোনবোৰ উৱলিছে!
সমস্বৰে আজি অপেক্ষিত সুদিনৰ বাবে ৰাউচি জুৰিছে!!
নৈ খন শুকাই আহিছে!!


◾ৰীতামণি বৰদলৈ।
(গুৱাহাটী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)