এজাক বৰষুণ -মাৰ্জিনা বেগম

Rinku Rajowar
0
বসন্তৰ ৰঙীন প্ৰেমৰ স্পৰ্শ নহয় ,
বিচাৰিছো তোমাৰ পৰা  
এজাক শাওণৰ বৰষুণ .....
 অপ্ৰকাশিত দুখৰ চহৰত 
যি মোক কৰিব সিক্ত, 
আবেগময়ী প্ৰেমৰ  সৃষ্ট প্ৰেক্ষাপটত 
ৰচিত হ'ব অকল্পনীয় কাব্য ।


কবিতাৰ মাজতে আবদ্ধ নহয়  কাহিনী 
বিচাৰিছো  এমুঠি বৰষুণে তিওৱা 
শান্ত আবেলি ....
বিশৃংখল ভাৱনাৰ সমাপন ঘটিব 
যি মোৰ অনাকাংক্ষিত  অবাঞ্ছিত , 
মান অভিমানৰ জুই  নুমাই 
হৃদয়েৰে বৈ  যাব এছাটি 
শীতল  প্ৰেমৰ মলয়া    ।

নিশাৰ সপোনৰ কাহিনী নহয়
তিতিব বিচাৰিছো  তোমাৰ 
পাখিলগা বিশুদ্ধ  বৰষুণত ,
যি মোৰ   অৱসান ঘটাব   
উজাগৰে ৰোৱা  অপেক্ষাৰ  
নিদ্ৰা বিহীন ৰাতিৰ ।

পাৰা যদি ধাৰে  দিয়া মোক 
এজাক বৰষুণ
হেৰাই যাব বিচাৰিছো 
অনামী ধৰাত ।

◾মাৰ্জিনা বেগম ( বৰপেটা) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)