বান পানী আহিলে
কাল ৰূপ ধৰি
সকলো উটুৱাই নিলে ।
কিমান অনাথ হ'ল
তুলনা যে নাই
কান্দি আছে নিজৰ
পৰিয়াল হেৰুৱাই ।
ধন গ'ল ঘৰ গ'ল
আৰু গ'ল জীৱন
তথাপি আমি হৈ
আছো অজ্ঞান।
পৰ আপোন বুলি
বানে নুবুজিলে
বৃদ্ধ-যুৱ-নাবালকক উটুৱাই নিলে ।
◾মীৰা নায়ক।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ