সম্পাদকীয়-২০২২ ছেপ্টেম্বৰ মাহৰ সংখ্যা

Rinku Rajowar
0
হৰি নাম ৰসে                   বৈকুণ্ঠ প্ৰকাশে
                প্ৰেম অমৃতৰ নদী ।
শ্ৰীমন্ত শঙ্কৰে                    পাৰ ভাঙ্গি দিলা
              বহে ব্ৰহ্মাণ্ডক ভেদি ।।

মহাপুৰুষ দুয়োজনাৰ তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালনৰ লগতে হৰি নামৰ অমিয়া ধ্বনিৰে হৃদয়ত আলোড়ন তুলি ভক্তপ্ৰাণ ৰাইজে পৱিত্ৰ ভাদ মাহক বিদায় দিলে এইবাৰলৈ । অসমৰ চুকে-কোণে গোপীনীৰ সুললিত কন্ঠৰ দিহানাম আৰু ভকতে গম্ভীৰ স্বৰেৰে কৰা কীৰ্তন , ভাগৱতৰ পাঠ অথবা ব্যাখ্যাই আধ্যাত্মিকতাৰে সমৃদ্ধ কৰি গ'ল এবছৰলৈ । কৰ্মব্যস্ততাৰ পৰা আঁতৰি পৱিত্ৰ মাহটোত সকলোৱে ঈশ্বৰৰ শ্ৰীচৰণত আঁঠু ল'লে কুশল-মঙ্গলাৰ্থে । শ্ৰীমন্ত শংকৰদেৱ , মাধৱদেৱ গুৰু দুজনাৰ সৃষ্টিৰাজি হৃদয়ংগম ; নৱপ্ৰজন্মক তেখেতসকলৰ বিশাল সাংস্কৃতিক জীৱন সম্পৰ্কে সম্যক আভাষ প্ৰদানৰ প্ৰয়াস নিৰন্তৰে চলি আছে যদিও মনৰ সংস্কাৰ সাধন কৰি গুৰুজনাই দেখুৱাই যোৱা আদৰ্শৰ বাটেৰে বাট বুলিবলৈ আমাৰ যেন এতিয়াও বহু বাকী ! 

অসমবাসীৰ বাবে সুখবৰ যে ৮ ছেপ্টেম্বৰ অৰ্থাৎ ৯৬ সংখ্যক জন্মদিনত গুগলৰ ডুডলত জিলিকি উঠিল ভাৰতৰত্ন , সুধাকন্ঠ ড° ভূপেন হাজৰিকা । আনহাতে জ্ঞানপীঠ বঁটা বিজয়ী তৃতীয়গৰাকী অসমীয়া সাহিত্যিক নীলমণি ফুকনদেৱে ১০ ছেপ্টেম্বৰত ৯০ বছৰত ভৰি দিও থুকাথুকি মাতেৰে কয় , "মোৰ বহুত কথা ক'বলৈ থাকি গ'ল ।‌ বহু কাম বাকী থাকিল ।" কবিগৰাকীৰ জীৱনযোৰা সাধনালৈ প্ৰণাম জনাই অনুৰাগীসকলে অনুষ্টুপীয়াকৈ আয়োজন কৰা তেখেতৰ বিশেষ দিনটোত অজানিতে যেন আমিও উচ্চাৰিছোঁ - "কাব্যঋষি কুশলে থাকক ।"

ঋতুৱে বৰণ সলাই এয়া আদৰিছে শৰতক । শেৱালিৰ সুবাস আৰু নিয়ৰৰ পৰশত ক্ৰমশ মোহনীয় হ'ব চৌপাশ । বুকুত আশাৰ ফুল গুজি  , কুশলে থকাৰ দোল বান্ধি আমিও সহৃদয় পাঠক সমাজলৈ যাঁচিলো শাৰদীয় শুভেচ্ছা । পূৰ্ণোদ্যমে চলি থাকক জীৱন নাটৰ আখৰা ।

                           সম্পাদনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)