খৰালি শুকাই যোৱা
নদী হ'ব নোৱাৰিলোঁ ।।
ৰ'দত শুকাই
বৰষুণত তিতি
অবিৰত ভাৰ সহি সহি
ক্লান্ত , শান্ত মই ।।
বুকুত দ দ গাত হ'লেও
তেজ বৈ গলেও
নিৰ্মম অত্যাচাৰ চলে ।।
দিন ৰাতি একাকাৰ কৰি
হাজাৰ টন ওজন সহি
মই বুকু পাতি থও ।।
সুধিছানে কেতিয়াবা
মোৰ কষ্ট হয়নে ?
তোমালোকৰ গতিৰ বাবেই
গাৱে ভূঞে
চহৰে নগৰে
মোৰ ন ন সৃষ্টি ।।
◾হেমেন হাজৰিকা
ৰাণী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ