অসমত হাতী মানুহৰ সংঘাত-হিমাশ্ৰী বৰা

Rinku Rajowar
0
আমাৰ অসমখন অসংখ্য অৰণ্য-বনাঞ্চলেৰে ভৰপূৰ । তদুপৰি অসমখন প্ৰকৃতিৰ দান অমূল্য সম্পদ বন্যপ্ৰাণীসমূহৰো আৱাসস্থলী । এই বন্যপ্ৰাণীসমূহৰ ভিতৰত আটাইতকৈ বৃহতাকাৰ প্ৰাণীটোৱেই হৈছে হাতী । কিন্তু ক্ৰমান্বয়ে বনৰীয়া হাতী আৰু মানুহৰ মাজত গঢ়ি উঠা বেয়া সম্পৰ্কৰ ফলশ্ৰুতিত বৰ্তমান অসমৰ এক বহুচৰ্চিত বিষয় হৈ পৰিছে হাতী-মানুহৰ সংঘাত ।

অসমৰ হাতী মানুহৰ সংঘাতে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এই সংঘাতৰ মূল কাৰণ হৈছে বনাঞ্চলৰ পৰিমাণ হ্ৰাস তথা বেদখল । কিয়নো বনাঞ্চলসমূহ হৈছে হাতীৰ বাসস্থান আৰু বিচৰণ ভূমি । এই বনাঞ্চলতেই হাতীয়ে নিৰ্বিষ্টমনে চলা-ফুৰা কৰি পেট পুৰাই জিৰণি লয় । কিন্তু বৰ্তমান জীৱশ্ৰেষ্ঠ মানৱে অৰণ্যৰ গছ-গছনিসূহ উছন কৰাৰ লগতে বনাঞ্চলৰ ভূমি বেদখল কৰি বাসস্থান নিৰ্মাণৰ ফলশ্ৰুতিত হাতীৰ বাবে এক বৃহৎ সংকটে দেখা দিছে । আশ্ৰ‌য়স্থল আৰু খাদ্যৰ সন্ধানত সিহঁতে জনাঞ্চলত প্ৰৱেশ কৰে । অন্যহাতে , হাতীৰ জাকে বনাঞ্চলৰ সমীপৰ অঞ্চলসমূহৰ বিস্তৰ ক্ষতিসাধন কৰাৰ বাবে হাতী আৰু মানুহৰ মাজত সংঘাতৰ সূচনা হয় । 

হাতী মানুহৰ এই সংঘাতে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে । হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি খেতি-বাতি তহিলং কৰা আৰু মানুহক আক্ৰমণ কৰা ঘটনা প্ৰায়েই শুনিবলৈ পোৱা যায় । তদুপৰি ঘৰ-দুৱাৰ ভাঙি চুৰ-মাৰ কৰাৰ লগতে   হাতীৰ গচকত নিতৌ বহুতো লোকৰ প্ৰাণহানি হৈছে । হাতীয়ে উপদ্ৰৱ চলোৱা অঞ্চলসমূহৰ লোকসকলৰ মাজত প্ৰতিদিন ভয় , শংকা আৰু অশান্তিয়ে বিৰাজ কৰিছে । অতি কষ্টেৰে চপাই থোৱা খেতিৰ ধান মুঠিও‌ ভঁৰাল ভাঙি খাই পেলাইছে অথবা নষ্ট কৰিছে । বাৰীৰ শাক-পাচলি, ফল-মূল,গছ-গছনি আদি নিঃশেষ কৰি পেলাইছে । এনে এশ এবুৰি সমস্যাৰে ভাড়াক্ৰান্ত বনাঞ্চলৰ সমীপৰ লোকসকলে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । এই সকলোবোৰৰ মূলতে হ'ল বনাঞ্চল ধ্বংস কৰি উদ্যোগ , কল-কাৰখানা , ঘৰ ইত্যাদি নিৰ্মাণ । সেয়েহে হাতীৰ জাকে খাদ্যৰ অভাৱত জনাঞ্চললৈ গতি কৰে আৰু ধ্বংসলীলা আৰম্ভ কৰে । অৱশ্যে এটা কথা ধূৰূপ যে হাতীয়ে আত্মৰক্ষাৰ বাবেহে মানুহৰ ওপৰত আক্ৰমণ চলায় । অন্যহাতে , হাতীৰ ওপৰত মানুহে চলোৱা বৰ্বৰ আত্যাচাৰো এক চিন্তনীয় বিষয় । বিশেষকৈ 
 মূল্যৱান অংগ-প্ৰত্যংগসমূহৰ বাবে হাতীয়ে চোৰাং চিকাৰীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হোৱাটো অতিকৈ দুঃখজনক ।

হাতীয়ে মানুহৰ অপকাৰ কৰে যদিও উপকাৰো নকৰা নহয় । ঘৰচীয়াই হওঁক বা বনৰীয়াই হওঁক সকলো প্ৰাণীয়ে আমাৰ বৰ উপকাৰী । আনকি বহুক্ষেত্ৰত ঘৰচীয়া হাতী‌য়ে কাঠ টনা , বোজা কঢ়িওৱা ইত্যাদি কাৰ্যৰে গৃহস্থৰ মূল চালিকা শক্তি হিচাপেও স্থিতি লাভ কৰে ।  অতীতত বিবাহত দৰাই হাতীৰ পিঠিত উঠি কইনাৰ ঘৰলৈ গৈছিল । তদুপৰি হাতীৰ ব্যৱসায় কৰি ব্যক্তিগত মালিকবোৰেও প্ৰচুৰ ধন আৰ্জে । হাতীৰ দাঁত , নখ ইত্যাদি বৰ মূল্যৱান সম্পদ । হাতীৰ দাঁতৰ পৰা নানা বিধৰ বস্তুও তৈয়াৰ কৰা হয় । 

আমি জীৱশ্ৰেষ্ঠ হিচাপে আমাৰ কৰণীয় যথেষ্ট আছে । অভিলাষ পূৰণৰ কামনা সীমিত কৰি বনাঞ্চলসমূহ ধ্বংস কৰাৰ পৰিৱৰ্তে কিছু অংশ ভূমি আমাৰ প্ৰাণীসম্পদসমূহৰ বাবে সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা বৰ্তমান নুই কৰিব নোৱাৰি । সমান্তৰালভাৱে সংৰক্ষিত নিৰ্দিষ্ট ভূ-খণ্ডত হাতীৰ খাদ্যৰ অভাৱ দূৰ কৰিবলৈ গছ ৰোপন কৰাটো নিত্যান্তই আৱশ্যকীয় । এইক্ষেত্ৰত বন কৰ্মীসকলৰ কৰ্মদক্ষতা সুনিপুণ আৰু জনসাধাৰণৰ ভূমিকা সুদূৰপ্ৰসাৰী হ'ব লাগিব । 

✍🏻হিমাশ্ৰী বৰা , তিনিচুকীয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)