নিয়ৰৰ টোপাল বোৰ
এটুপাল দুটুপাল কৈ
যেতিয়া দুৱৰি বনত পৰে,
তেতিয়া তোৰলৈ
মোৰ সঘনে মনত পৰে..
কেনেকৈ নো পাহৰোঁ
তাহানিৰ সেই কথা বোৰ
স্মৃতিৰ দলিছাত
এতিয়াও সঘনে ভাঁহি থাকে।
জীৱনটো এখন নাওঁ,
বঠাহীন এই নাওঁখন
বিশাল সাগৰত
উটি ভাঁহি থাকে,
টুলুং ভুটুং কৈ
তইয়েই চোন
মাজ সাগৰত
ডুবাই দিলি
মোৰ এই জীৱন নাওঁ খনি?
◾ৰাহুল চেতিয়া
নিলখ পূৰ চিলাপথাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ