বৃদ্ধাশ্ৰমত থকা এগৰাকী মাতৃয়ে পুত্ৰলৈ দিয়া চিঠি- আমিৰ হামজা

মোৰ সোনটো কানফুলি যোৰ বিক্ৰী কৰি মোৰ মৰাশটো ঢাকিবলৈ বগা কাপোৰখন কিনিবা।মোৰ মৰম ভালপোৱা খিনি পঠালো।বহু দিন হ'ল তোমাক দেখা নাই।বহুত কষ্ট হয় কথাবোৰ ভাবিলে।কান্দোনত মোৰ বুকু ভাঙি যায়।এতিয়া মোৰ বাবে তোমাৰ অন্তৰত কি অনুভূতি আছে ম‌ই নাজানোঁ।তুমি সৰু থাকোঁতে মোক এৰি মোক বাদ দি একোৱেই নুবুজিছিলা।মই যদি কেতিয়াবা তোমাৰ চকুৰ আঁতৰ হৈছিলো তেতিয়া মা মা বুলি তুমি চিৎকাৰ কৰি উঠিছিলা।মোৰ বাহিৰে তুমি কাৰো কোলালৈ নগৈছিলা।বাৰ বছৰ বয়সত তুমি আমগছৰ পৰা পৰি হাতত দোষ পাইছিলা তোমাৰ দেউতাই হালৰ বলধ বিক্ৰী কৰি তোমাৰ চিকিৎসা কৰিছিল। 
তেতিয়া তিনি দিন, তিনি ৰাতি তোমাৰ কাষত নোখোৱা - নোশোৱাকৈ ম‌ই আছিলোঁ।সেই কথা তোমাৰ এতিয়া মনত আছেনে ? তুমি এক মূহুৰ্তও মোক নেদেখিলে থাকিব পৰা নাছিলা। তুমি বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত মোৰ বিয়াৰ গহনা বিক্ৰী কৰি তোমাৰ পঢ়া খৰচ যোগাৰ কৰিছিলোঁ। হাতৰ বিষটো তোমাৰ এতিয়া আছেনে? ৰাতি শুবৰ পৰত তোমাৰ কপালত, মূৰত হাত বুলাই নিদিলে তুমি নুশুইছিলা। মোৰ কথা কি তোমাৰ মনলৈ এবাৰলৈও নাহে নে ? তোমাৰ প্ৰতি মোৰ কোনো অভিযোগ নাই।মোৰ কপালত যি লিখা আছে সেয়াই হ'ব।মোৰ বাবে তুমি কোনো চিন্তা নকৰিবা।মই খুব ভালকৈ আছো কেবল তোমাৰ জোন যেন মুখখনি চাবলৈ মোৰ খুব মন যায়।তুমি ঠিকমতে খোৱা-বোৱা কৰিবা। তোমাৰ ভনীৰ খবৰ লৈ থাকিবা। মোৰ কথা সুধিলে ক'বা ম‌ই ভালে আছো। ম‌ই ঈশ্বৰক অনুৰোধ কৰিছোঁ তুমি যেন মোৰ দৰে বৃদ্ধাশ্ৰমত থাকিব লগা নহয়। কোনো এক জ্যোস্না ভৰা জোনাক ৰাতি আকাশৰ পিনে চাই জীৱনৰ অতীত বৰ্তমান ও ভৱিষ্যত লৈ ভাবিবা।বিবেকৰ ওচৰত উত্তৰ পাই যাবা।তোমাৰ ওচৰত মোৰ এটা শেষ অনুৰোধ আছে। মই আশা কৰোঁ তুমি মোৰ শেষ অনুৰোধ টো ৰাখিবা। মই মৰা পিছত বৃদ্ধাশ্ৰমৰ পৰা মোৰ শ'টো নি তোমাৰ দেউতাৰ চিতাৰ কাষতে জ্বলাবা। ইয়াৰ বাবে তোমাৰ কোনো টকা খৰচ কৰাৰ প্ৰয়োজন নাই। তোমাৰ দেউতাই আমাৰ বিয়াত মোক দিয়া কাণফুলিযোৰ ম‌ই চাদৰৰ আঁচলত বান্ধি ৰাখিছোঁ।কাণফুলিযোৰ বিক্ৰী কৰি পোৱা টকাৰে মোৰ শ্মশানৰ কাম খিনি কৰিবা।তোমাৰ সৰুকালৰ এখন ফটো মোৰ চিতাৰ কাষত থৈ যাবা। ফটোখন চাই চাই মনে মনে ম‌ই ভাবিম এইটোৱেই কি মোৰ তাহানিৰ ম‌ইনা !

Post a Comment

Previous Post Next Post