আজি গৌৰৱোজ্জল নিশা- হেমেন হাজৰিকা

বতৰে বাগৰ সলোৱা সময়তে আকাশ বতাহ নিনাদিত কৰি,
ভাহি আহে যোৱা নিশাৰ অভূতপূৰ্ব সাফল্যৰ পাছত,  
আজি গৌৰৱোজ্জল.....নিশা।।
 
ভাগৰ জিৰুৱা দেহাটো
উৎসৱৰ আনন্দত
মতলীয়া কৰি,
নিশাটোৰ কিছু মূহুৰ্তত
নিজক বিচাৰি চাবলৈ 
কটাই আপোন সময়।।
 
আলোকিত আস্বাদনত
সঙ্গীতৰ মায়াজালত,
নিশাটো ৰঙীন হয় এটি গৌৰৱোজ্জল নিশা।।

Post a Comment

Previous Post Next Post