নাৰী - মীনাক্ষী দত্ত

©Admin
0
মই নাৰী ...
অতীত , বৰ্তমান আৰু
অনাগত ভবিষ্যতৰ । 
জানো সৃষ্টিৰ সকলো ৰহস্য 
কেৱল ঈশ্বৰ প্ৰদত্ত ,
তথাপিও বাৰে বাৰে লাঞ্চিত-বঞ্চিত
হয় নাৰী
তাৰ বাবে কোন দায়ী ?
তুমি , মই , আমি নে 
আমাৰ সমাজ ব্যৱস্থা ?
এই দেশ আমাৰ দেশ
যি দেশৰ নাৰী দুৰ্গতিনাশিনী ,
শক্তিদায়িনী আৰু মহিয়সী
যি দেশৰ নাৰী মহা সাহসী
দেশৰ হকে যুঁজি হাঁহিমুখে
দিয়ে নিজৰ জীৱন সপি।
এইখনেই আমাৰ দেশ,
যিদেশৰ নাৰীয়ে কৰে মহান কাম 
দেশৰ বাবে আৰ্জে সুনাম।
বিদেশতো উৰুৱাই নিজ দেশৰ জয়ৰ নিচান ।
যিদেশৰ নাৰীয়ে চলাব জানে শাসনযন্ত্ৰ ।
সেই দেশৰ নাৰীয়ে শিকায় জীৱনৰ মূলমন্ত্ৰ।
ওপজা ঘৰ এৰি অচিন গৃহত আহি 
নিৰৱে সহি যায় সকলো ত্যাগি ।
সাতোৰঙী ৰামধেনু ৰঙেৰে বোলায়,
নতুন ঠিকনাৰে জীৱনটো সজায় ।

মই নাৰী অতীত , বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ।
কিহৰ বাবে হওঁ বাৰে বাৰে শোষিত , নিস্পেষিত আৰু বঞ্চিত ?
নহয় আমি সকলোৰে পথ্য 
আমাৰো আছে এক সামাজিক প্ৰমূল্য ।
প্ৰকৃতিসৃষ্ট লিংগভেদ আজি
সমাজে কৰিলেসৃষ্টি লিংগ বৈষম্য নীতি ।

 ✍️মীনাক্ষী দত্ত
ধেমাজি ,মাছখোৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)