নিঃকিন আজি মই
নিছলা মোৰ সমস্ত শৰীৰ
বিষেৰে জৰ্জৰিত
মোৰ সমস্ত পৃথিৱী,
একালত আছিল
মোৰ এগৰাকী প্ৰেয়সী ,
আজি উদং মোৰ অন্তৰ
শোকাকুল মোৰ হৃদয় ,
ৰিক্ত মোৰ শৰীৰ!
ঢাকিবলৈ নাই কোনো আৱৰণ
নহয় মই কোনো মানৱ অসাধাৰণ।
মই দুখীয়া নিছলা
তথাপিও মুখত মিচিকিয়া হাঁহি ?
বেকাৰ, অভদ্ৰ, কুলঙ্গাৰ
ক'ত যে নাম বোৰ ,
সকলো থাকিলেও চোন
দৰিদ্ৰ মই আজি?
উৰুখা ঘৰৰ ফুটা চালিৰে
বৰষুণ আহিলেও
ইকাটি সিকাটি কৰি
পাৰ কৰো বহু উজাগৰী নিশা......
লঘোণ মোৰটো আজন্ম লগৰী
উজাগৰে নোখোৱাকৈ কটাও
কত যে দিন ৰাতি,
তথাপি দেখোন মই
আজন্ম দৰিদ্ৰ হৈ আছোঁ আজি......
ঠেঁটুৱৈ ধৰা জাৰত
ফটা কম্বল খনেই সাৰথি কৰি,
খেৰৰ গোহালিত গৈ
মূৰটো ঘুপ মাৰি
পাৰ কৰোঁ বিনিদ্ৰ ৰাতি।।
মই যে প্ৰেমিক
সমগ্ৰ জগতখনৰেই ।
সেয়েহে কাৰোবাৰ বাবে আৰ্ৱজনা হৈ
জীয়াই আছোঁ এই ধৰিত্ৰীত।
মোৰ কাৰণে প্ৰেমৰ প্ৰতীক পৃথিৱী ,
তথাপিও নবৰষে পুষ্প বৃষ্টি ।
আমি বোৰ যে ঈশ্বৰৰ সুকীয়া সৃষ্টি
বিচাৰিলে মৰমেৰে ওপচাবলৈ
নালাগে মোক বসন্ত কিম্বা শীত....
✍️ৰাহুল চেতিয়া
নিলখপুৰ ,ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ