আৱেগ সৰা বৰষুণ- সংগীতা ডেকা

©Admin
0
ছায়া হে মাথোঁ...! 
এক অনুৰাগ মিশ্ৰিত ছায়া... 
দৌৰি দৌৰি জানো ঢুকি পাম...? 
স্মৃতি হৈ পৰি ৰ'ব আজীৱন, 
মনৰ ক'লাজত। 
ভবাই নাছিলোঁ...! 
কিছু সময়ৰ বাবে হ'লেও তৰাবোৰ, 
হৃদয়ৰ পথেৰে আহি
দুই ওঁঠত সৰি পৰিবহি...!
কিন্তু, দুচকুৱে ভালদৰেই জানে
সন্মুখত যে শূণ্যতা হে...!

বুটলি বুটলি অনা ছবিবোৰ
এতিয়া মোৰ মাজত.... 
সেয়াই যেন শান্তি,
কবিতাৰ ঘৰ সজাবলে...!
সেয়া মোৰ ঘৰ,কেৱল মোৰেই ঘৰ 
য'ত জিৰাম,একপক্ষীয়ভাৱেই মই...! 
বতাহৰো তাক.... 
পৰশি যোৱাৰ নাই অধিকাৰ
অচিন ঠিকনালৈ উৰুৱাই নিবলে...!

প্ৰাপ্তি - অপ্ৰাপ্তিৰ আল্পনাও নসজাওঁ
যদি উশাহবোৰ ভাৰাক্ৰান্ত হৈ পৰে তেতিয়া...!
তেতিয়া কি হ'ব ?

অ' ছায়া,নিলগতেই সপোন ৰচিম দিয়া ন...! 
দিবা নে তুমি সঁহাৰি....?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)