জীৱন-লহৰজ্যোতি মৰাণ

জীৱন জটিলতাৰ পথত আগুৱাই যোৱাত বহুত কষ্ট হয় জানা? 
যেতিয়া চিনাকী বোৰে অচিনাকিৰ দৰে ব্যৱহাৰ কৰে! 
তেতিয়াই ঘৃণা উপজে নিজৰ ওপৰত
 ক'ত আউল লাগি আছিল মোৰ? 
তেতিয়াই ধৈর্য্যসীমাৰ বাহিৰ হৈ, 
অধৈর্য্য হৈ যাওঁ;
কাৰোবাক বুজনি দিব মন যায় তেতিয়া, 
পোৱাবোৰত আশাত থকাকৈ নোপোৱাবোৰৰ মাজত বিলীন হোৱাই ভাল! 
প্ৰেম-প্ৰীতি, মৰম-অভিমান, সকলোবোৰৰ মাজত এতিয়া ঘৃণা ওপজে;
সেইদিনালৈকে জোন-বেলি-তৰা, নদ-নদী, পাহাৰ-পৰ্বত ভালপোৱা সেইবোৰ ভাল নলগা হ'ল! 
সমস্যা ভৰা এই বাস্তৱতাৰ জীৱনত নিজকে ভাৰসাম্য হেৰুৱাই পেলাইছো;
জীৱন যুঁজৰ অৱহেলা বোৰৰ মাজত! 
এতিয়া পলমকৈ বুজি উঠিলো
বাস্তৱ জীৱনটো সপোনত দেখাৰ দৰে সহজ নহয়;
উপভোগ কৰিব! 
সমস্যা মাজেৰে আগুৱাই যাব লাগিব  কাঁইটীয়া জীৱন বাটত; 
তেতিয়াই সফলতা সংগ্ৰাম উপনিত হ'ব পৰা যাব!

◾লহৰজ্যোতি মৰাণ
কাকপথাৰ (উৱন)

Post a Comment

Previous Post Next Post