পুৱাৰ শালিকী -নিবেদিতা কলিতা

শুই উঠি ৰাতিপুৱাই 
চোতালত দেখিলো এহাল শালিকী চৰাই, 
মুখত জিলিকি উঠিলে মোৰ
মিচিকিয়া এটি হাঁহি, 
মনতে ভাবিলো মই
শুভ হ'ব চাগে
মোৰ আজিৰ পুৱাটি.....! 
পাছফালৰ জুপুৰিটোলৈ বুলি 
দিলো দৌৰ মাৰি
তাতো দেখোন 
যোৰে যোৰে শালিকীৰ গুণ গুণনি, 
পাম চাগে আজি মই
সুখৰ বাতৰি.., 
জনাও বুলি কথাটি মাক
চিঞৰিলো মা মা বুলি..!
মাত দিলে মায়ে
শাকনি ডৰাৰ পৰা, 
চিঞৰি আছিলো মই
সুধিলে মায়ে মোক... 
কিয়নো চিঞৰি আছ বুলি...? 
আনন্দতে আত্মাহাৰা হৈ
দিলো সকলো কৈ, 
মায়ে বোলে চা সেয়া ঘৰৰ পাছফালৰ শালিকীৰ বাহলৈ...!

✍️নিবেদিতা কলিতা

Post a Comment

Previous Post Next Post