আজিৰ মানুহ বৰ ভদ্ৰ
কিন্তু আন্ধাৰত ...
সিহঁত বৰ নিষ্ঠুৰ ।
নামানে কোনো মানুহক,
সিহঁতে
আন্ধাৰত একেবাৰে নিশাচৰ প্ৰাণীৰ
দৰে ।
মানুহে নাভাবে
মানুহৰ মৰম ,চেনেহৰ কথাবোৰ
নিচিনে কোনো ককাই ভাইক মাথোঁ সিহঁত
আন্ধাৰৰ নৰপিশাচ ,যাক পালে মাত্ৰ হত্যাৰহে
পথ দেখুৱায় দিয়ে ।
সিহঁত নৰ মঙহ খোৱা
আন্ধাৰ ৰাক্ষস
পোহৰত মাথোঁ ভদ্ৰতাৰ মুখাখনহে পিন্ধে
আন্ধাৰত সিহঁতে ভদ্ৰতাৰ মুখাখন খুলি ৰাখে,
সিহঁতেই আজিৰ মানুহ ।।
◾মিন্টু গোৱলা
লখিমপুৰ কদম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ