কাইটিয়া আলিবাটত,
জীৱনৰ প্ৰতিটো মূহুৰ্তত,
প্ৰয়োজন মাথোঁ এক বিশেষ বান্ধৱীৰ।।
বান্ধৱী শব্দ ই এক সুকীয়া অনুভৱ,য'ত
লুকাই থাকে অকৃত্ৰিম মৰম আৰু আদৰ,
ঠিক,তেনে এগৰাকী আপোন বান্ধৱী হ'ল
ৰিহা আৰু ৰুমা।।
যাৰ প্ৰতিটো শব্দই আনে জীৱন গঢ়াৰ
অনাবিল আনন্দ আৰু আশাৰ প্ৰাপ্তি,
যাৰ প্ৰতিটো কথাত লুকাই থাকে
অনেক অনুপ্ৰেৰণা।।
প্ৰতিটো মিচিকিয়া হাঁহিত প্ৰাণ পাই উঠে
সমগ্ৰ প্ৰকৃতি জগত।।
তহঁতৰ হৃদয় খন আৰু ধুনীয়া হওঁক,মধুৰ হওঁক
বন্ধুত্বৰ এনাজৰী,সদায় দৃঢ়
হওঁক।
তাৰে কামনা কৰিলোঁ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ