বজাৰ- অনিৰ্বাণ দত্ত

তজবজীয়া ৰঙালাওটো 
বজাৰত পাই নগদ এশ একুৰি দি, কিনি আনি 
সন্ধিয়া গৃহিণীৰ হাতত দিলোঁহি৷
ভাত ৰন্ধাৰ পৰত কপিদা খনেৰে 
একেঘাপে দুফাল কৰি গৃহিণীয়ে দেখে 
ভিতৰখনত দেখোন একোৱেই নাই ! 
একেবাৰে ফোঁপোলা!আনকি গুটি এটাও নাই।আছে লেউলেউ কীট আৰু সিহঁতৰ মূত্ৰ-বিষ্ঠাৰে পূৰ্ণ এডোঙা দুৰ্গন্ধ গেদ।

সিদিনা, বৰলুইতৰ পকা শ’ল.. পকা শ’ল.. বুলি চিঞৰি থকা বেপাৰীটোৰ পৰা চাইচিতি তাৰো একেজি আনিছিলোঁ৷ 
পিছে,শ’লে ম’লে ৰন্ধা তৰকাৰীৰ জুতি লৈ নাপালোঁ সেই তৃপ্তি;যি তৃপ্তিৰ গৰিমা গাই খাদ্যৰসিকে আড্ডা জমাই সদায়৷

বহুবাৰ হতাশ হৈছোঁ
বহু বস্তুত ঠগ খাইছোঁ
হেৰুৱাইছোঁ বহু সম্পদ- হাতৰ কাণৰ মনৰ।
একেদৰেই ঠগ খাইছোঁ, হেৰুৱাইছোঁ হৃদয় সম্পদ
আলঙ্কাৰিক বহু ব্যক্তিৰ সান্নিধ্যতো।

সঁচাকৈয়ে, এইখন এখন বৰ আচৰিত দেশ
চৌদিশে ইমান সৌন্দৰ্য!প্ৰাচুৰ্য্যৰ ইমান বাহাৰ!
কাষৰ প্ৰত্যেকজন লোকৰ মুখত অম্লান হাঁহি,
নদন-বদন স্বাস্থ্য, ৰাজকীয় প্ৰৱেশ প্ৰস্থান...
অথচ, কিনি অনা ৰঙালাওটোৰ দৰেই 
ভিতৰখন ইমান গেলা!ইমান দুৰ্গন্ধযুক্ত!
পকা শ’লটোৰ দৰেই ইমান বিস্বাদ 
তেওঁলোকৰ সান্নিধ্য !

আচলতে, এইখন দেশ নহয় 
মানুহৰ এখন বজাৰ!
অসংখ্য মানুহ অসংখ্য ভেশ
ইয়াত সাঁচতীয়া সপোন সম্পদ সম্বন্ধ সকলো পণ্য।

Post a Comment

Previous Post Next Post