মহন্তৰ চিন মাহনিত-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
অফিচৰ পৰা আহি ছোৱালীৰ মাকৰ জন্ম দিন বুলি অলপমান গধূলি বিনোদন বুলি ওলাই আহিলোঁ । নিজৰ মানুহ জনীৰ লগত আহিলে অলপ গহীনটো হৈ পৰিলেই আজি কালি জীয়েকেহে তাগিদা দিয়ে । এই বয়সতে কিমান আৰু বুঢ়া মানুহৰ দৰে থাকা।  কাম বন সামৰি আহিছা  অলপমান ফ্ৰী মাইণ্ডত থাকাচোন। 
পাছে তাই নো কেনেকৈ বুজি পাব  যে কৰোনাই বাপেকৰ কেৰোণ লগাই থৈ গ'ল। 
মহামাৰীৰ সময়তে ঠন ধৰি উঠা কিবা এটা দেখিলেই লিখিবলৈ লপ-লপাই উঠা মনটোৱে আজিকালি অনবৰতে আচন্ন কৰি থকা হৈছে। কতো শান্তিত থাকিব নোৱাৰোঁ । কিবা দেখিলেই মনৰ ভিতৰত কিছুমান চিন্তাই ভাকুট কুটাই দিয়ে।  তাতে ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি উপন্যাসখন লিখি থকাৰ বাবে প্ৰবন্ধ পাতিও লিখিবলৈ আহৰি নোপোৱা হৈছো । কেতিয়াবা এই ব্যস্ততাৰ মাজতো বিংকৰা চিন্তাত মনটো উজুটি খাই পৰিলে একলম নিলিখাকৈ থাকিব  নোৱাৰোঁ । 
লেখাটোৰ লগত সংলগ্ন ফটোখন দেখি আকৌ মই মানুহজনীৰ জন্ম দিনৰ উপলক্ষে খোৱা আহাৰৰ ইস্তাহাৰ দিয়া বুলি নাভাবিব। নিৰামিষ ভোজী মানুহ মই গতিকে খোৱা বোৱাত মোৰ  বৰ এটা ৰুচিবোধ নাই । ঢেকীয়া শাক, চজিনাৰ ফুল, এডলীয়া কচুৰ চাটনিতে সন্তুষ্ট হোৱা মানুহ । পাছে গধূলি বিনোদনৰ বাবে আমি অহা ৰেষ্টুৰেন্টখনৰ টেবুলত সজাই দিয়া খাদ্যখিনিৰ লগতে দিয়া চামুচ দুখন দেখিয়েই মনটো কিবা মিষ্টিৰি মিষ্টিৰি হৈ পৰিল।  আই ঐ দেহি এইয়া দেখোন এপাট ডাল পান্না (  DE Spanner) আৰু এপাট ৰিঙ পান্না ( Ring Spanner) । ২০০০ চনত নেৰিষ্টৰ পৰা যান্ত্ৰিক বিভাগত পাচ কৰি আহিয়েই কামৰূপ কনষ্ট্ৰাকছন কোম্পানী আৰু তাৰ এবছৰ পাছত পানবজাৰৰ জেচিবি কোম্পানীটোৰ সেই সময়ৰ ডীলাৰৰ প্ৰটেকচন ইঞ্জিনীয়াৰত চাৰ্ভিছ ইঞ্জিনীয়াৰ হৈ কামত সোমোৱাৰ দিন ধৰি প্ৰেচাৰ গেজ, ডায়েল গেজ, ফিলাৰ গেজ, ৰিঙ ৰেন্স,  ডাল ৰেন্স, ভাৰ্নিয়াৰ কেলিপাৰ, এল এন কি চেট, মাল্টি মিটাৰ আদি সজুলি বোৰ জীৱনৰ কোনো মুহূৰ্ততে এৰি থাকিব নোৱাৰা সম্পদ হৈ পৰিছিল।  প্ৰথম প্ৰথম অৱস্থাত অভাৰঅলটো পিন্ধি হাতত টুলবক্সটো লৈ কনষ্ট্ৰাকছন চাইট, ইটা ভাটা আৰু চিমেন্ট ফেক্টৰী বোৰত গৈ পোৱাৰ লগে লগে মেছিনৰ চালক, চুপাৰভাইজৰ আৰু মালিকবোৰে মিষ্টিৰি, মেকা, মেকানিক আদি সম্বোধনেৰে মাতিলে বৰ হতাশ হৈ পৰিছিলো ।তাতে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক এজনক মেকা বা মেকানিক বুলি মতাৰ ধৃষ্টতা দেখি ভিতৰি ভিতৰি ক্ষুন্ন হৈ পৰিছিলোঁ।  কিন্ত লাহে লাহে বুজি  পাইছিলো স্নাতক অভিযন্তা বুলি গপত ওফন্দি থাকিব লাগিলে চাহ দোকান দিব লাগিব । নিজৰ মনৰ অহংকাৰ ত্যাগ কৰি পেচাত ভাল মেকানিক হোৱাটোৱেই সমিচীন হ'ব বুলি সিদ্ধান্ত লৈছিলো।  হয়তো মোৰ সেই তাৎক্ষনিক সিদ্ধান্ত শুদ্ধ আছিল বাবেই  হাতে কামে শিকি বাইশ বছৰ আগৰ মেকা জন আজি এজন মেকানিকেল ইঞ্জিনীয়াৰ হৈ সপৰিয়ালে গধূলি বিনোদন কৰিবলৈ ওলাই আহিব পাৰিছো । 

সেইবাবেই আজিৰ প্ৰজন্মক ক'ব বিচাৰো আমাৰ আশে পাশে কৰিবলৈ বহুত কাম আছে। মনৰ অহংকাৰ আৰু এলাহ আঁতৰাই অলপ বিচাৰিলেই দুপইচা আৰ্জনৰ বাবে কাম ওলাই যাব। কাম নাথাকিলে  প্ৰতিবেশী ৰাজ্যবোৰৰ লগতে কাষৰীয়া দেশ বাংলাদেশৰ পৰা অসমলৈ মানুহৰ প্ৰবজন আজিও কিয় অব্যাহত আছে।  দুপইচা আৰ্জনৰ বাবে এটা কাম পাবলৈ এজন মানুহক প্ৰথমেই প্ৰয়োজন হয় কামৰ প্ৰতি স্পৃহা, দ্বিতীয়তে শক্তি  আৰু তৃতীয়তে দক্ষতা । জাতিটোৰ অধিকাংশৰে কামৰ প্ৰতি স্পৃহা নাই বাবে অসমীয়াই কাম বিচাৰি হাহাকাৰ কৰিব লাগে ।  গতিকে আহকচোন কেৱল চৰকাৰী আঁচনিৰ হিতাধিকাৰী হৈ সুখাধিকাৰী হোৱাৰ সপোন বাদ দি নিজৰ নিজৰ  দক্ষতা আৰু বুদ্ধিক সমল হিচাপে লৈ কাম কৰাৰ প্ৰতি নিজক আগ্ৰহী কৰি তোলোঁ ।

ধন্যবাদ। 

◾চুমিন্দ্ৰ চৌধুৰী
সাহিত্য অভিযন্তা 
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)