সপোনৰ বাগিছা-ৰাহুল চেতিয়া

©Admin
0
তোমাৰ হিয়াৰ বাগিছা খনিত
খোজ দিব দিয়া এবাৰ
ওৰেটো জীৱন বাগিচাৰ মালী হৈ
জীপাল কৰিম তোমাৰ বক্ৰৰ ধাৰা।
মই সেউজীয়াৰ বাতৰি হৈ 
বুটলি আনিম সকলো হালধীয়া।
দুচকুৰ গভীৰতাত ডুবিব দিয়া,
জোনাক হৈ সিঁচি আহিম তাত এধানি ৰূপালী আভা।
হেঙুলীয়া আবেলি এটিত আহিবা কেতিয়াবা,
গধুলিলৈকে পাতি থাকিম দুয়ো,
প্রেমাস্পদৰ কথা,
গুটিমালি ফুলবোৰৰ কথা
দুয়োৰে এটি নতুন স্বপ্ন কথা।

             ✍️ৰাহুল চেতিয়া
              নিলখপুৰ ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)