অভিমানী জনীলৈ অচিনাকী চৰাইজাকৰ অভিমান-দিপশিখা ৰাজকোঁৱৰ

পুৱাৰ হেঙুলীয়া পোহৰত
চৌদিশৰ আন্ধাৰবোৰ লাহে লাহে
সেউজীয়া ৰঙীন আভাৰে
আলোকিত হ'লেই
অভিমানীজনী নতুন
সপোনৰ সন্ধানত প্ৰকৃতিৰ
লগৰী হৈ উন্মনা হৈ পৰে এমুঠি সেউজীয়া সপোন সিঁচাৰ
একান্ত মানসেৰে...
তাই আপোন পাহৰা হয় 
অচিনাকী চৰাইজাকৰ সৈতে।
চৰাইজাকে তাইক মুক্ত হৈ
উৰিবলৈ শিকাইছে...
সেই মুক্ত অচিনাকী বিহংগজাকেই
তাইক সপোনৰ সন্ধানত
আগুৱাই যাবলৈ উৎসাহ দিয়ে।
তাইৰ দৰেই অচিনাকী চৰাইজাকৰো তাইৰ প্ৰতি
অভিমান বহুত বেছি
দুহাত মেলি আঁকোৱালি নল'লেই
অচিনাকী চৰাইজাকৰ অভিমান বাঢ়ি যায় 
মৌন হৈ থকাৰ যি ক্ষণ
অভিমানী জনীৰ দৰে
হুবহু একেই...
চৰাইজাকৰ গীতত তাই
অভিমান সামৰি হাঁহিবলৈ
বাধ্য হৈ পৰে !
অচিনাকী চৰাইজাক 
অভিমানী জনীৰ হৃদয়ৰ
কোনোবা এটা কোণত
নিগাজিকৈ থিতাপি ল'লে
কিয়নো অভিমানীজনীও সুখী
অচিনাকী চৰাইজাকৰ বাবেই
নিঃসংগ আৰু নিঃস্তব্ধ 
সময়বোৰ তাইৰ জীৱনৰ পৰা
উৰা মাৰি যাবলৈ ধৰিছে
কেৱল অচিনাকী চৰাইজাকৰ বাবে
সেয়ে হয়তো অভিমানবোৰ 
অলপ বেছিকৈ বাঢ়িছে ।

✍🏻দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

Previous Post Next Post