ল'ৰালিৰ সেই মাদকতাবোৰ-পংখী বৰশইকীয়া

©Admin
0
স্মৃতিৰ কোঠাত উকমুকাই থকা ল'ৰালিৰ সময়বোৰ সঁচাকৈ মধুৰ আছিল । আজিৰ দৰে স্মাৰ্ট ফোনৰ ব্যৱহাৰ নাছিল কিন্তু সমনীয়াহঁতৰ লগত খেলা-খেলবোৰত অনন্য মাদকতা বিচাৰি পোৱা গৈছিল। দেওবাৰৰ দিনা টিভিত ৰামায়ণ চোৱা , আবেলি সময়ত ভঁড়ালৰ তলত খেলা দৰা-কইনা , হেতালি , লুকাভাকু খেলবোৰত যেন কিবা সুখ বিচাৰি পোৱা গৈছিল। মাহটোৰ প্ৰথম সপ্তাহত চুঙাত সাঁচি থোৱা প‌ইচা কেইটাৰে মৌচাক , সফুৰা , ৰংমন কিনা আমেজবোৰ সঁচাকৈ মধুৰ । কাৰ ওচৰত ভাল উপন্যাস কাৰ ওচৰত কুইজৰ কিতাপ আছে সেইবোৰ বিচাৰি ফুৰা সময়কণ সঁচাকৈ বৰ মধুৰ আছিল । ৰাতিপুৱা সোনকালে উঠি মুখ-হাত ধুই কোনে কিমান ডাঙৰকৈ কিতাপ পঢ়িব পাৰে সেইবোৰ যেন আমাৰ বাবে একোটা প্ৰতিযোগিতা আছিল । গধূলি হ'লে প্ৰাৰ্থনা গোৱা কাৰ্য বোৰ সঁচাকৈ আমেজ পূৰ্ণ আছিল । কিন্তু সময়ৰ পাকচক্ৰত পৰি সকলো যেন স্মৃতিৰ পৰশত লিপিবদ্ধ হৈ ৰ'ল মাত্ৰ । এতিয়া এইবোৰ সোঁৱৰিবহে পাৰোঁ। আজি কালি কণ কণ ভাইটী-ভন্টি হঁতৰ হাততো স্মাৰ্ট ফোন দেখা যায় । সিহঁতক প্ৰাৰ্থনা এফাকি গাবলৈ দিলে নাজানে কিন্তু ইংৰাজী , হিন্দী গীত গাবলৈ দিলে সহজতে পাৰে । সময়ৰ পৰিৱৰ্তনৰ লগতে আগৰ ৰঙ-ধেমালিবোৰ ক'ৰবাত বিলীন হৈ গ'ল । সঁচাকৈ স্মৃতিয়ে আজিও উকমুকাই হৃদয়ৰ কোঠালীত ।

✍️ পংখী বৰশইকীয়া
 স্নাতক প্ৰথম বৰ্ষ 
সমাজতত্ব বিভাগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)