এটা সুন্দৰ দিনৰ কামনাৰে-তানিয়া মধুকল্য

Rinku Rajowar
0
সুনীল বৰ আকাশৰ দৰে
বিশাল মন এটা লৈ
এটা সুন্দৰ দিনৰ কামনা কৰিলো
দিনটো যেন ভালে যাওঁক
সময়বোৰ যেন মঙ্গলময় হওঁক
সুখৰ হওঁক সকলোৰে জীৱন
ৰঙীন আশাবোৰ যেন পূৰ্ণ হওঁক ।

সূৰ্যোদয়ৰ লগে লগে
সাৰ পাই উঠে আই ধৰিত্ৰী।
চৰাইবোৰৰ চিঞৰত 
সেউজীয়া প্ৰকৃতিও স্ফুৰ্তিত 
উৎফুল্লিত হৈ পৰে,
দি যায় সুন্দৰ জীৱনৰ আশীৰ্বাদ।
এটা চিৰন্তন গতিশীল জীৱন 
অতিবাহিত হয় এটি সুন্দৰ 
পুৱাৰ লগত।

আজিৰ দিনটো যেন ভালে যাওঁক 
সকলোবোৰ ভালে থাকক 
গছ-গছনি, চৰাই-চিৰিকতি, 
পশু-পক্ষীৰে চহকী পৃথিৱীখনলৈ
এটা সুন্দৰ দিনৰ কামনা কৰিলো।।


◾তানিয়া মধুকল্য, বিহপুৰীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)