মই বিহীন-ৰাহুল চেতিয়া

মই যেতিয়া এই সংসাৰ
এৰি গুচি যাম
হয়তো কোনেও 
মোৰ অনুপস্থিতি অনুভৱ নকৰিব ,
আহিছে মানুহ গৈছে মানুহ 
কোনে হিচাব ৰাখিব ?
মই নাথাকিলেই 
কোনো ক্ষতি নহ'ব 
জীৱন যাত্ৰাৰ গতিপথ
শিথিল হৈ নপৰিব ।

মই নাথাকিলেও দিন ৰাতি হ’ব 
জোন বেলি তৰা ওলাই থাকিব , 
বৃষ্টি হ'ব , গছে পাত সলাব ,
ঋতু , বছৰ সলনি হ'ব 
ঠঙাল গছবোৰত
কুমলীয়া পাত ধৰিব ,
গছত বহি চৰাইয়ে গীত জুৰিব
আৰু কত যে !
আহিছিলোঁ নিৰ্বস্ত্ৰ হৈ
যামগৈ নিৰ্বস্ত্ৰ হৈ
থাকি যাব মাথোঁ কিছু কৰ্ম-কীৰ্তি...
হয়তো কোনোৱে ভাল বুলিব
কোনোৱে বদনাম কৰিব
শত্ৰুবোৰে মৃত্যুত জয়গান গাব
এইবোৰ শুনিবলৈ মোৰ সময় নাথাকিব ।।


Post a Comment

Previous Post Next Post