যৌৱনৰ ভৰ বাৰিষা-ৰঞ্জু গায়ন বৰুৱা

©Admin
0
যৌৱন ভৰ বাৰিষাই তোমাৰ দুগালত ছটিয়াই দিলে গুলপীয়া সুবাস , 
সময়ৰ গতিশীলতাত 
তেতিয়া মই চাতক পখী
যৌৱনে বিচাৰে তোমাক
ভাৱনাৰ ভাবকে লৈ
শুকুলা ডাৱৰৰ তলত বহি 
বাৰে বৰণীয়া ফুলৰ দলিচাত
সুমধুৰ কল্পনাকে সাৱটি লৈ আকাশেদি 
উৰি যোৱা সৌ চৰাইজাকক দি পঠিয়ালোঁ
তোমালৈ বুলি প্ৰেমৰ প্ৰস্তাৱ ।
যুগে - যুগে প্ৰেমক স্বাগতম জনাই 
সাঁতুৰিলো গৈ প্ৰেমৰ গভীৰতাত ।
প্ৰেম এক বিশাল সমুদ্ৰ
দুয়ো উটি গ'লো প্ৰেমৰ সন্ধানত
নৌকাত নাপালো যে পাৰ । 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)