সহযোগী বিচনীৰ বা - হেমেন হাজৰিকা

©Admin
0
এখন সেউজ সমুদ্ৰ
সেউজী সোণে
তিৰেবিৰাই থাকে বুকু ।।

বা ছাটি বলিলেই
লছমীহতে গীত জুৰে
গিজিতা গিজাও
অ গিজাও.....
সপোন বুটলি
সমুদ্ৰত অৱগাহন কৰে ।।

সহযোগী বিচনীৰ বাত
সামুদ্ৰিক লহৰ উঠে
সেয়া
গৌৰৱৰ
অহংকাৰৰ
সেউজীয়া বা ।।

ক্ৰুড়তাৰ দাবানলত
কঁপি উঠে
সেউজ সপোন ৰচা
লিহিৰি আঙুলিৰ পাৱ ।।

এখন সেউজ সমুদ্ৰ
আমাৰ হিয়াৰ আমঠু
তাতেই গৌৰৱৰ নিচান উৰে
অনন্ত কাল ।।

✍️হেমেন হাজৰিকা
      ৰাণী
      কামৰূপ অসম
   ‌

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)