এবাৰ হ'লেও প্ৰেমত পৰি চাবা‌ - ৰাহুল চেতিয়া

©Admin
0
এবাৰ হ'লেও প্ৰেমত পৰি চাবা
কোনোবা পৰী বা দেৱতাৰ প্ৰেমত হে পৰিবা ;
সেইটো নহয় ,
প্ৰেমত পৰিবা এটি নতুন আশাৰ
এটি স্বপ্নৰ
এটি নতুন দিগন্তৰ
এটি লক্ষ্যৰ
এটি কবিতাৰ
এটি শুভ সন্ধিয়াৰ
এটি নিয়ৰে সেমেকা পুৱাৰ
এটি তন্দ্ৰাময় জোনাক নিশাৰ |
দেখিবা
তোমাৰ এই প্ৰেম পূৰঠ হৈ উঠিব
এদিন তোমাৰ বাবে ।
এটি সুন্দৰ পুৱাৰ
নতুন দিগন্ত আদৰিবলৈ কৰা
মিঠা হেঁপাহ|

✍️ৰাহুল চেতিয়া
নিলখপুৰ,চিলাপথাৰ ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)