আন্তৰিকতাবোৰ যেতিয়া কৃত্ৰিমতাৰ মাজত আবদ্ধ হয়, মৰম বোৰ যেতিয়া এবুকু হুমুনিয়াহ হয়। আপোনবোৰ যেতিয়া পৰ হয়, নিশ্চিত ৰূপত জীৱনৰ ৰং হেৰাই যায়। উদাস মনত হাহাকাৰৰ সৃষ্টি হয়। প্ৰজ্ঞানে সিহঁতৰ কাৰণে কি কৰা নাছিল? জীৱনৰ মধুৰ সময়বোৰ সিহঁতৰ সুখ সমৃদ্ধিৰ বাবে খৰচ কৰিছিল। আজি অনুভৱ কৰিছে খৰচ নহয় অপচয় কৰিছিল। কোনো কাৰণ নোহোৱাকৈ ইমান ডাঙৰ অপবাদ। প্ৰজ্ঞান আজি হতভম্ব হৈ পৰিল। দিন নাই ৰাতি নাই যেতিয়াই যি কাৰণতেই নহওক সি উপস্থিত থাকিব লগা হৈছিল। নিজৰ সামৰ্থ অনুযায়ী সহায় সহযোগ কৰিছিল। আজি তাৰ ধিক্কাৰ ওপজিছে। সঁচাকৈ এই মানুহ নামৰ প্ৰাণীটো অকৃতজ্ঞ। আজি তাক শেষ কৰি পেলালে। কিন্তু প্ৰজ্ঞানৰ কোনো অনুতাপ নাই। সি মানুহ চিনি পালে। অপবাদৰ পৰা বাচিবলৈ সি একো নকৰি কেৱল হাঁহিলে। কিয়নো ভগৱানে এদিন নিশ্চয় ইয়াৰ উচিত বিচাৰ কৰিব ।
✍️সীতা দেৱী, বিহপুৰীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ