ল'ৰালিৰ স্মৃতি এখিলা পাত - লহৰজ্যোতি মৰাণ

©Admin
0
গতিশীল এই সময়
ব্যস্ত হৈ যাওঁ ;
আমি পাহৰি যাওঁ নিজক
হেৰুৱাই পেলাও ল'ৰালিতে কৰা ধেমালি লগবোৰক;
এইবোৰ কেৱল স্মৃতিৰ এখিলা পাত ;
আকৌ সোঁৱৰণ কৰোঁ ,
সেই শৈশৱৰ 
সোণোৱালী দিনবোৰলৈ
উভতি যাব মন যায়। 
য'ত আছিল
কেৱল ধেমালি ,
কেৱল আনন্দ , 
কেৱল প্ৰাণ খুলিব পৰাকৈ এমুঠি হাঁহি , 
নাছিল তাত কোনো মিছা খং ;
মিছা অভিমান ,
মিছা সুখ , 
সোণালী ল'ৰালি
আমি কৰোঁ ধেমালি
নদীত গা-ধুৱা , মাছ ধৰা , 
আনৰ বাৰীৰ আম-জাম-লিচু খোৱা
মাৰ্বল গুটি , বাটুলগুটি খেলা , 
কাবাডি , ৰাধী , টেপু খেলা , 
আৰু কত যে কি ? 
এইবোৰ খেলিয়েই সেই সময় পাৰ কৰিছিলোঁ ; 
কেতিয়া দিনবোৰ বাগৰি 
এই সময় পালোহি  
সেই কথা ভাবিৰ নহ'ল আহৰি
জীৱনৰ ভাটি বেলাত 
বিচাৰি ফুৰো লগ 
আধুনিক যুগৰ 
চচিয়েল মিডিয়াৰ মাজত ;
কিজানি লগ হওৱে ! 
সঁচাকৈয়ে সেই শৈশৱৰ আবেলি 
স্মৃতিৰ ধেমালি
আজীৱন মনৰ মাজত
হৃদয়ৰ মাজত থাকিব 
কেৱল স্মৃতি হৈ ! 


✍🏻লহৰজ্যোতি মৰাণ
কাকপথাৰ (উৱন)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)