ইপ্সিত বস্তু-দেৱ দাস

Rinku Rajowar
1
“দাদা নাই নেকি? আমি নৱপুৰ সাৰ্বজনীন পূজা কমিটীৰ পৰা আহিছিলোঁ, পূজা পালেহিয়েই নহয় । বৰঙণিটো  কিমান লিখিম?” কলিং বেলৰ মাত শুনিয়েই  কৰবালৈ যাবলৈ সাজি-  কাচি ওলাই অহা মহিলা গৰাকীক পাই আমাৰ সভাপতি শেখৰ বৰুৱাই ক'লে। কেইবাবাৰো এইখন ঘৰলৈ বিহু, পূজা,ৰাস, বৰসবাহ, নাম-ভাওনা আদিৰ বাবে চান্দা তুলিবলৈ আহিছোঁ। আনকালে বন কৰা ছোৱালী জাতীয় এগৰাকী ওলাই আহে।চান্দা বহী খন ভিতৰলৈ নি আশা কৰা মতেই বা তাতোকৈ বেছি চান্দা দি ভিতৰলৈ সোমাই যায়। গৃহস্থনীক কোনো দিনেই লগ পোৱা নাছিলোঁ। আজি কি ক্ষণত ওলাইছিলোঁ? দৰিশন হৈ গ'ল। “কিমান দিম?” উত্তৰলৈ বাট নেচাই বেগ খুলি এহেজাৰ টকা দি ধুনীয়া হাঁহি এটা মাৰি ‘হ’ব নে ? মোৰ এখন মিটিং আছে, পলম হৈছে' বুলি ড্ৰাইভাৰে ষ্টাৰ্ট দি ৰৈ থকা ধুনীয়া গাড়ী 
খনৰ ফালে আগ বাঢ়ি গৈছিল। হঠাতে ঘূৰি  মোলৈ চাই অলপ ৰৈ হঁহাৰ নিচিনা কৰি গাড়ীৰ ওচৰ পালেগৈ , আকৌ ঘূৰি আহি বেগ খুলি আৰু এহেজাৰ উলিয়াই ক'লে -“ কম  হৈছে যদি এইটোও লওক”। পুনৰ মোলৈ চাই কিবা সুধিব বিচৰা যেন লাগিছিল ।  ‘আপোনালোক আহিব’ বুলি কিন্তু নুসুধিল , চিন্তিত ভাৱে গাড়ীত উঠিল গৈ । নৃপেন বৰাই মোৰ অভিমুখে টিপ্পণী এৰিলে - “আপোনাৰ এক্স যেন পাওঁ , তেনেকুৱা যেনেই লাগিল ।” দ্বীজেন  মাহাতোও ৰৈ নাথাকিল-“ মূখখন কনফাৰ্ম কৰিবলৈকে গাড়ীৰ ওচৰৰ পৰা ঘূৰি অহা নাছিলতো?”
   “ এক্সট্ৰা এহেজাৰৰ  এনকুৱাৰী হ'ব লাগে” । গংগা বৰাই ৰমেশ শৰ্মাক হেঁচুকি দিলে। শৰ্মাই কলে-“পাৰ্টী দিব........”
       চকুযোৰ,হাঁহিটো... ক'ত দেখা পাইছিলোঁ বাৰু? এই মানুহ জনী........ বাকী সকলৰ কথা বোৰ কাণৰ পৰা ওফৰি গ'ল। এই বাৰু আৰ্য্য কলেজত ফাইনেল পৰীক্ষাৰ আগে আগে হঠাৎ নাইকীয়া হৈ যোৱা, পৰীক্ষাৰ কেইদিন গাড়ীত আহি পৰীক্ষা দি গাড়ীত গুছি যোৱা, পৰীক্ষাৰ মাজতে বহু চেষ্টা কৰিও লগ পাবলৈ, কথা পাতিবলৈ সুবিধা নোপোৱা, ফাল্গুনি হঁতে কোৱা মতে মেজিষ্ট্ৰেটৰ লগত মোৰ বুকু ভাঙি ফটাফট বিয়া হৈ যোৱা , মোক নেপালে ‘বিহ খাই মৰি পুহকৰ লাগিম ’ বুলি কোৱা মোৰ এক মাত্ৰ ইপ্সিত, ইপ্সিতা হাজৰিকাই নহয়তো?
  “ চাওঁ চাওঁ ৰিচিপ্ট বুকটো দিয়কচোন।”
বিত্ত সম্পাদক প্ৰদীপ বৰাৰ পৰা বহীখন আঁজুৰি লৈ  পোহৰলৈ নি পাত লুটিয়াই লুটিয়াই চাবলৈ ধৰিলোঁ। নাই , কাউন্টাৰ ফইল কেইখনত ইপ্সিতাৰ নাম নাই। মোৰ কিছু ধৰ ফৰণী লগা অৱস্থাটো দুই একে মন কৰিছিল।
   “ এহেজাৰ এহেজাৰ কৈ দুবাৰ দিয়া মানুহ গৰাকীৰ নাম কি, আছিল?” ওচৰতে থকা উপ সভাপতি হৰেণ নাথক সোধিলোঁ। তেওঁ নজানে। উত্তৰ আহিল নৃপেন বৰাৰ পৰা -“ কাইলৈ ঘৰত গৈ সোধি আহিম গৈ ওলাব”। হাঁহিৰ উজান উঠিল। মই সেমেনা সেমেনি কৰিলোঁ। যাদব নাথে ক'লে - “ হাছবেণ্ড  চি বি আই , ৰ’ জাতীয় চাকৰিত টপ লেভেলৰ অফিচাৰ আছিল। সোধিলেও ক'ত চাকৰি কৰিছিল নকয়। মানুহৰ লগত হলিগলি নকৰে ”। মেজিষ্ট্ৰেটেই হওক বা যিয়ে হওঁক  তাইৰ চকুৱে ,হাঁহিয়ে কয় তাই ইপ্সিতায়েই । খাটাং।
** ** ** ** **
     সিদিনা হোৱাটচ্ এপ গ্ৰুপ এটাত নৃপেন বৰাই সন্ত গুৰু এজনৰ উদ্ধিতিৰে এটা ফৰৱাৰ্ডিং ফৰৱাৰ্ড কৰিছিল। মূল ভাবটো এনেকুৱা‘ ইপ্সিত বস্তুটো পাবলৈ যত্ন এৰি নিদি সোনকালেই হস্তগত কৰিলেহে  আত্মাই শান্তি পায়।’ শেখৰ বৰুৱাই ধেমলিতে ‘ইপ্সিত বস্তু কেনে হ'লে ভাল ’ বুলি হোৱাটস্ এপতে চুপতি কৰিলে। উত্তৰ প্ৰতি-উত্তৰ দুদিন মান ছলি আছিল। মনে মনে মই উপভোগ কৰি আছিলোঁ।দুই জনেই গ্ৰুপটোৰ এডমিন আৰু মোৰ শ্ৰদ্ধাভাজন । পক্ষ নললোঁ।মোৰ কলেজীয়া জীৱনৰ আটাইতকৈ ইপ্সিত বস্তুটো বহু পলমকৈ হ'লেও এতিয়া চকুৰ আগত পৰিছে।  
      কি চেলু লৈ যাওঁ!কি বুলি যাওঁ! কেনেকৈ মনক বুজাওঁ?? উস্।ঘোৰ সংসাৰী হৈ বাষষ্টি বছৰ পাৰ কৰি জিৰণি লোৱা মোৰ কি হ'ল!ভীম ৰতিয়ে পালে নেকি? এবাৰ কথা পাতিবলৈ বৰ মন গৈছে, যদি সেই জনী ইপ্সিতা নহয়!গলেও যদি অপমানিত হওঁ!  নাই নাই হয়েই। এপাক যামেই, আকৌ যদি কুকুৰৰ কামোৰ খাই ঘৰলৈ আহোঁতে শ্ৰী মতীয়ে সোধে কি কামত গৈছিল সেই মানুহ ঘৰলৈ?কৰ মানুহ? নৃপেন বৰা ,শেখৰ বৰুৱা আপোনালোকে মোক উপায় দিয়ক, বুদ্ধি দিয়ক, সমিধান দিয়ক।*******

◾দেৱ দাস।
তেজপুৰ।
📞৯৪৩৫৩ ৮০৯২৬.

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment