মা-ৰাহুল চেতিয়া

Rinku Rajowar
0
মা, অ মা?
উঠা চোন অলপ
তোমালৈ কি আনিছোঁ চোৱা?
তুমি ভালপোৱা 
বোকাখাতৰ লুচী-পুৰি
আৰু কি আনিছোঁ অনুমান কৰা ,
ডাক্তৰে কৈছে-
তুমি হেনো সোনকালে ঠিক হৈ যাবা!
অপাৰেচন কৰা পাছত
মাথোঁ নিয়মিতভাৱে ঔষধ খাব লাগিব
মা অ মা....
শোৱাৰ পৰা উঠি চোৱা আক !
তোমালৈ 
আৰু কি আনিছোঁ চোৱা 

আজি মই স্কুল নগলোঁ!
তোমাৰ বাবে ঔষধ  আনিবলৈ 
পইচা নোজোৰা বাবে,
আজি হাজিৰা কৰিলোগৈ.....
তোমাক নোকোৱা বাবে 
বেয়া নাপাবা মা 
জানাই চোন!
তুমি বেমাৰত পৰাৰ পৰা
সকলো কাম মই কৰিব লগা হৈছে
ঘৰৰ সকলো বন্ধকত গল ।
তথাপিটো দেখোন
অপাৰেচন কৰিবলৈ 
টকা যোগাৰ নহল!
আজি পোৱা টকাৰে
তোমালৈ বুলি
বোকাখাতৰ লুচী-পুৰী,
আৰু ঔষধ লৈ আহিছোঁ....
কি হল মা?
তুমি দেখোন 
শোৱাৰ পৰা মুৰটোও দাঙি চোৱা নাই?
মই জানিছোঁ!
তুমি এইবোৰ অনাৰ বাবে
মোক বেয়া পাইছা ,
অভিমান কৰিছা ন?
স্কুল নোযোৱাৰ বাবে খং কৰিছা?
হব দিয়া আগতে তুমি সুস্থ হৈ লোৱা!
তাৰ পাছত 
মই সদায় স্কুল যাম..
তুমি সদায় মোক
ৰজা-ৰাণীৰ,  ৰাজকুমাৰ, ইচপৰ সাধু 
শুনাবা দেই মা?
মা অ মা, 
কি হল তোমাৰ আজি?
মই অথনিৰে পৰা ইমান কৈ আছোঁ ,
তুমি দেখোন 
মাত এষাৰো দিয়া নাই?
তোমাৰ চকু কেইটা কি হল আজি?
একে থৰে মোলৈ চাই আছা?
শৰীৰটো লৰচৰ কৰা নাই?
তোমাৰ দেহৰ স্পন্দন কিয় শুনা নাই?
শৰীৰটো ইমান চেঁচা কিয়?
মা অ মা....
এবাৰ মোৰলৈ চাই মাত এষাৰ দিয়া না?



◾ৰাহুল চেতিয়া
নিলখপুৰ ,ধেমাজি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)