শান্তিৰ ঠিকনা বিচাৰি- নাছিৰ আহমেদ

©Admin
0
পাঁচ মহলীয়া ভৱনৰ সুসজ্জিত কক্ষত
বিচাৰি পালোঁ মাথোঁ যান্ত্ৰিকতাৰ গোন্ধ ,
লাহ-বিলাহৰ গড্ডালিকা প্ৰৱাহত উটি বুৰি পালোঁ
উজান উঠা এদম পঁচা মাছৰ ক্ষত-বিক্ষত কাঁইট।

শান্তিৰ ঠিকনা বিচাৰি,
মিছিছিপি,ভল্গা আৰু হোহাংহোৰ পাৰত দেখিলোঁ
বিলাতী মদৰ নিচাত মত্ত এজাক ডেকা-গাভৰুৰ উন্মাদনা !
নগৰ -মহানগৰ ,বন্দৰে- বন্দৰে অনৰ্গল চিৎকাৰ ।

শান্তি , ক'ত শান্তি ?
শান্তিৰ ঠিকনা বিচাৰি বিশ্বজুৰি চলাথ কৰি
শান্তিৰ ঠিকনা বিচাৰি নাপালোঁ।
উপাসনাৰ গৃহে গৃহে গৈ ভক্তিত গদগদ হৈ 
কেতিয়াবা আকাৰ দেৱ -দেৱতাক ,
কেতিয়াবা নিৰাকাৰ ঈশ্বৰ-আল্লাহ বা গডৰ চৰণত
মূৰ দোঁৱাই অশ্ৰু অঞ্জলি যাঁচিলো ।

শান্তিৰ ঠিকনা বিচাৰি,
আৰম্ভ হ'ল মোৰ ওভতনি যাত্ৰা ---
সেউজ বননিৰে ভৰা অসম মাতৃৰ বহল বুকুত ;
যাৰ শুৱলা মাতত এজাক বৰষুণ নামে ,
ময়ূৰ -ময়ূৰীয়ে পেখম ধৰে,
কৃষকৰ নাঙলৰ সীৰলুত সপোন ফলে।
শৰতৰ নিৰ্মল‌ আকাশত সজল মেঘ ভাহি ফুৰে,
মেঘৰ আঁৰে আঁৰে জোনে লুকা-ভাকু খেলে ।
বাৰে বৰণীয়া চৰায়ে কল-কল কৰি ৰাগ জুৰে
লুইতৰ বুকুত নাৱৰীয়াই নাও মেলি দি
কৰুণ -উদাস সুৰত গোৱালপৰীয়া দেশী গীতৰ মূৰ্চ্ছনা তোলে !
সেই সুৰত মুগ্ধ হৈ নিজৰাই কুলু কুলু ধ্বনি কৰে।

শান্তিৰ ঠিকনা বিচাৰি ---
মোৰ চিৰ-দুখিনী অসম দেশত শান্তি বিচাৰি পালোঁ !

মোৰ এই দেশ, মানুহৰ দেশ, ককাদেউতা আৰু নাতি ল'ৰাৰ দেশ ,
তেজীমলা,তুলা-তেজা আৰু শান্তি -বাৰমাহীৰ দেশ
জগত জিলিকা মোৰ শত জনমৰ পুণ্যভূমি ;
'জননী জন্মভূমিস্য, স্বৰ্গাদপী গৰীয়সী' !
মৰিলে পুনৰ আহি যেন লওঁ ইয়াতেই জনম !!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)