জাতি - জনজাতিৰে ভৰা,
অসমখনি আজি কিয়
দূৰাৰোগ্য ৰোগত আক্ৰান্ত?
নিজৰ মাজতেই আনি প্ৰভেদ,
জাতি - জনজাতিৰ ভেদ ভেদাভেদ,
শত্ৰুক বৰপীৰা পাৰি দিছোঁ কিয়
আজি বৰঘৰৰ মজিয়াত?
ভাষণৰ সুমধুৰ মালাগোঁঠা,
ভুল দেখুৱাই দিলে লাগে লেঠা,
লুটি-বাগৰ মাৰি ফুৰোঁ কিয়
স্থিৰতা হেৰাল নেকি সকলোৰে গাত?
জাতি - মাটি - ভেটি ক'ৰবাতে ৰ'ল,
বোকা ছটিওৱাৰ খেল আজিও নগ'ল,
বোলো সমস্যাবোৰ নোহোৱা নহয় কিয়
থাকে নেকি পৰি বগা কাগজত?
চিঞৰ বাখৰ আৰু সহস্ৰ আন্দোলন,
কি প্ৰয়োজন আছিল শত্ সংগঠন,
আমি সু-নাগৰিক নহওঁ কিয়
কৰ্মসংস্কৃতিৰে নগঢ়োঁ প্ৰভাত?
আজি এটা;কাইলৈ এটা,
সময়বোৰ গ'ল বৃথা,
মিছা প্ৰমাণিত হয় কিয়
মুখখনিত থকা জনপ্ৰিয়তা?
দেশখন আমাৰ,
সমস্যা আমাৰ,
পদবী বিচাৰি হাহাকাৰ
সমস্যাত ক্ষমতা নিৰ্বিকাৰ
ক'ৰবাতে পৰি ৰ'ল সমাজ সংস্কাৰ!
ধন্যবাদ
ReplyDelete