শাৰদীয় এপাহি শেৱালি - নৱজিৎ নাথ

©Admin
0
এমুঠি -দুমুঠি কৰি ,   
মালাধাৰী গাঁথিবলৈ ;   
    নিয়ৰ সনা দুৱৰীৰ মাজত , 
দলিছা পাৰিবলৈ এপাহি সুগন্ধি শেৱালি হৈ আহিবা....।।              

আহিনৰ প্ৰতিটো নিশাতে,   
এচাতি প্ৰেমৰ মলয়াৰে;    
  থুপি থুপি নিয়ৰ টোপালৰে,   
দেহ মনত প্ৰেমৰ           
সুবাস সিচিবলৈ,                
   এপাহি সুগন্ধি শেৱালি হৈ আহিবা..........।।       
 
আহিনৰ কোমল ৰদালীত,   
 এটি মিচিকিয়াই হাঁহিৰে ;
   হেঙুলীয়া ৰহন সনা আবেলিত ক্ষনত;                 
স্মৃতিৰ সুবাস দিবলৈ,     
এপাহি সুগন্ধি শেৱালি হৈ আহিবা......।।             

আলসুৱা মেঘৰ চাৱনিত, 
শুকুলা নিৰ্মল আকাশত; 
  নিয়ৰ এটোপাল পৰসৰে , 
স্মৃতিৰ প্ৰতিটো সুবাস সিঁচিবলৈ এপাহি সুগন্ধি শেৱালি হৈ আহিবা.....।।

◾নৱজিৎ নাথ, ছিপাঝাৰ, 
দৰং (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)