তোমাৰ স্মৃতিৰ ভাৱনাত-মিন্টু গোৱলা

Rinku Rajowar
0
তোমালৈ মনত পৰে বৰকৈ নিজানত বহিলে !
তোমাৰ প্ৰতিটো কথা নিজানত বহিলে মনত পৰে ।
তোমাৰ প্ৰতিটো কথাই মোক আমনি কৰে।
তুমি যে আজি মোৰ কাষত নাই , বৰকৈ মনত পৰে।
কেতিয়াবা মন যায় তোমাৰ কাষলৈ যাবলৈ !
তোমাৰ প্ৰতিচ্ছবিয়ে প্ৰতি পল ভাঁহি থাকে মোৰ চকুৰ আগত ।
নোৱাৰোঁ তোমাৰ অবিহনে জীয়াই থাকিবলৈ ।
তুমি আহিবা মোৰ কাষলৈ , তোমালৈ বাট চাই থাকিম মই । 
তুমি আহিবা মোৰ এই সৰু পজাঁটিলৈ 
তুমি নাথাকিলে মোৰ হৃদয়খন একেবাৰে উৰুঙা যেন অনুভৱ হয় ।
তুমি আহিবা 
তোমালৈ বাট চাই আছোঁ মই।
অবুজ মনে একো নুবুজে 
তুমি আহিবা ।
তোমাৰ অবিহনে যে মই অকলে অকলে নিজানত বহি কান্দো ,
মোক অকলে এৰি নাযাবা আঁতৰি।
মোৰ কাষতে থাকিবা সদায় ।

                
◾শ্ৰী মিন্টু গোৱলা, লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)