আজি বৰকৈ সেমেকি
যাবলৈ ধৰিছে ।
যৌৱনৰ পৰশে আহি
মোক আকৌ হাত-বাউলি দি
আমনি কৰিছেহি ,
কিয় জানো নীৰৱতাৰ
সীমাবদ্ধতাক মই
বাধা দি ৰাখিব পৰা নাই !
তোমাৰ শূন্য পৰিধিত
উতলা মন মোৰ ।
আজিও হাবিয়াস
কৰি ফুৰিছোঁ
স্মৃতিৰ সাগৰত ডুব যাব
মোৰ এই সপোনবোৰ
তুমি জানো অনুভৱ কৰিব পাৰিবা ?
✍🏻লহৰজ্যোতি মৰাণ।
কাকপথাৰ (উৱন)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ