হোমেন বৰগোহাঞি,পুতলী কোঁছ

©Admin
0
নিস্তব্ধ ঢকুৱাখনা
চাৰিকড়ীয়া খনো আজি নিতাল 
পানীৰ ঢৌবোৰ নিস্তেজ
ঢকুৱাখনাৰ সু - সন্তান
হোমেন বৰগোহাঞি গ'লগৈ
আমাক নিথৰুৱা কৰি।
চাৰিকড়ীয়াৰ প্ৰেমিক জন গ'লগৈ
সাহিত্যৰ পৃষ্ঠা বোৰত থাকি গ'ল
তেওঁৰ স্মৃতিৰ আচোঁৰ...
তেখেত আৰু নাই
প্ৰজ্ঞাৰ সাধক জনৰ শূন্যতাত
সকলোতে ৰিক্ততা
সৃষ্টিয়েই যাৰ লক্ষ্য
সাধনাই আছিল যাৰ জীৱনৰ দৰ্শন
প্ৰজ্ঞাৰ সাধক তেখেত হোমেন বৰগোহাঞি ।
ঢকুৱাখনাৰ গৌৰৱ হিয়াৰ আমঠু
বৰগোহাঞি দেৱ শূন্যত বিলীন হ'ল
দি গ'ল বুকু ভঙা বিষাদৰ সুৰ
য'তেই গুজি দিছিল কলম 
তাৰ পৰাই প্ৰাণ পাইছিল
বাচি বাচি ৰোৱা শব্দই ।
তেখেত আৰু লিখিবলৈ নাহে
দুৰন্ত সাহসেৰে
নিৰলে নিস্তব্ধে প্ৰজ্ঞাৰ সাধনা এৰি
প্ৰশান্তি ধামলৈ ,
নিৰলে জিৰাবলৈ গুচি গ'ল 
সকলো বোৰেইচোন দি গ'ল
তথাপিও আজি নিস্তব্দ ।


✍🏻শ্ৰী পুতলী কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)