শাৰদীৰ সুবাস-মিন্টু গোৱলা

©Admin
0
শাৰদী আহিবা হেনো 
আকৌ কোমল সেউজী বনলৈ ।

শুনিলো সিদিনা
        তুমি আহিবা বুলি
পদূলিৰ শেৱালি জোপাই কৈছিল
তুমি অহাৰ কথা (!)

নিয়ৰেও মাতিছে
তোমাক নৈৰ পাৰলৈ
কঁহুৱা বনো ফুলিছে 
তুমি অহাৰ খবৰ শুনি ।

শেৱালিৰ সুবাসত আহিবা
শুভ্ৰ সাজত 
সেউজী দলিচা শুভ্ৰ কৰিবলৈ ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)