জীৱন কি জীয়া ফাঁকি-নীল প্ৰজাপতি

গভীৰ নিশাৰ সপোন 
যিদিনা ভাঙিব,
নায়ক নায়িকা সিদিনা তোমাৰ বাবে 
অচিনা হ'ব, 
সিদিনা সঁচাৰ মূল্য গণি
হায়ৰাণ হ'বা ! 
মোবাৰক হৌ এই জীৱন
মিছা হৈ ৰ'ব ! 
ঘনাই অচেতন হ'বা , 
কিম্বা সকলো অচিনা ? 


যিদিনা যাবাগৈ সিদিনা
লগতে যাব
মূখাৰ আঁৰৰ মূখ , 
নায়ক-নায়িকাৰ
আৰু সেই নাঙঠ জীয়া ফাঁকিবোৰ! 
যিবোৰ তোমাৰ কল্পনাহে হ'ব? 

সকলোবোৰ সঁচা হৈয়ে থাকিব, 
মাথোঁ তুমি নজনা-নুবুজা, 
এজন মিছলীয়া হৈ যাবা!

ভালে থাকা তোমালোক
মিছাৰ দুনীয়া, 
য'ত আটায়ে সুখী ? 
তোমাৰ বাবেহে জীৱনটো 
অবহেলিত, অকলশৰীয়া 
কিম্বা জীয়া ফাঁকি !


Post a Comment

Previous Post Next Post