সান্নিধ্য বিচাৰি - হেমেন হাজৰিকা

©Admin
0
     যাৰ চকুত চকু থৈ
     বিনিময় কৰিব পাৰি
     হৃদয়ৰ ভাষা ।।

    হয়তোবা তেওঁ
    হ'ব পাৰে
    এগৰাকী পুৰুষ
    কিম্বা
   এগৰাকী দক্ষ মহিলা ।।

   তেওঁ আত্মীয়
   নহ'বও পাৰে
   আত্মীয় মানেই
   বিশ্বাসী নহ'বও পাৰে ।।

   মনৰ কথাৰে যি
   জীপাল কৰিব পাৰে
   উদ্বোদ্ধ কৰিব পাৰে
   জীয়াই তুলিব পাৰে
   জয় পৰা মন
   সেই সান্নিধ্য
   সেউজীয়া হয় ।।

   সান্নিধ্যৰ সুঘ্ৰান
   বিয়পাই দিবলৈ
   মোক এখন সান্নিধ্য যোগ্য
   হৃদয়ৰ প্ৰয়োজন ।।

   হেমেন হাজৰিকা
    ৰাণী
    কামৰূপ অসম
    ০৯/১৫/২০২২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)