কাৰো বাবে কেতিয়াও নাহে সাৰথি ৰথ
লক্ষ্য ভিন্ন, উদেশ্যও ভিন্ন
কিন্তু, গন্তব্যস্থান একেই।
অহা বাটে যোৱা হ'ব,
আলিবাটেই সাক্ষী ৰ'ব
কৰাবোৰ স্মৃতি হ'ব,
আশাবোৰ পৰি ৰ'ব,
সপোনবোৰ হেৰাই যাব,
ঠিকনাটোও নতুন হ'ব।
যাত্ৰাৰ শেষ তাতে,
যিমানো নাযাওঁ নতুন বাটে,
জন্মৰে পৰা আহিল গা তে।
কোনো কালেই কোনোৱে নিচিনে তাকে,
সংমিশ্ৰণ সদায় সময়ৰ সৈতে।
জীৱনৰ মহত্ব কিমান ?
সময় গুৰুত্ব যিমান।
কৰ্ম্মৰ ফল কি ?
শেষত বুজিব সি।
ধৰ্ম নাই, জাতি নাই, ধনী বা দুখীয়া নাই
যুক্তিৰ কোনো পথো নাই।
সকলোৰে বাবে সমান সমান
শেষ গন্তব্য, শেষৰ ঠাই।
জীৱন নাটক য'ত যৱনিকা হয়,
পঞ্চত্বৰ দেহটো নিথৰ হৈ ৰয়,
সকলো শক্তি তাৰ আগত ক্ষয়,
তাৰেই নাম মৃত্যু বুলি কয়।
অহংকাৰ কাক লৈ কৰে
দুটুপি চকুলো টুকিব আপোন বা পৰে।
ভাল কামত ব্যস্ত জীৱন স্মৃতি হ'ব
অচিনাকী জনেও শলাগি ৰ'ব।
◾আকাশ কুমাৰ মেধি।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ