সভ্যতা বহু যুগৰ-গায়ত্ৰী কোঁৱৰ

©Admin
0
সূৰুযৰ এচেৰেঙা ৰং
সোমাই আহিছিল
খিৰিকীৰ ফাঁকেৰে ,
যেন চুচুক-চামাক কৰি থকা 
এগৰাকী নৱ বিবাহিতা কইনা।
দেখিলোঁ জিলমিলাই থকা
কণ কণ তৰুণ কুঁহিকেইটি ,
দেখিলোঁ উৎফুল্লিত হৈ পৰা
চি - চিয়াই থকা চৰাইকেইটি।
এখনি নতুন ঘৰ
এখন পাতনি সমাজ জীৱনৰ 
হয়তো এনেকৈয়ে সৃষ্টি হয় 
লাহে লাহে ক্ৰমান্বয়ে
থেৰো - গেৰোকৈ ,
এইয়াও জানো 
এক সভ্যতা নহয় 
যুগ যুগৰ।
যাৰ গৰ্ভত বিলীন হয়
ইতিহাসৰ ,
নিজা স্থায়ীত্বৰ।
যাৰ গৰ্ভত কক্ বকা্ই উঠে
আত্ম অনুভৱৰ , আত্ম অভিলাষৰ ,
এটি নৱ প্ৰদীপৰ।
যাৰ গৰ্ভতেই পোখা মেলি উঠে 
নতুন দিনৰ পুনৰাৱৰ্তনৰ ,
পুনৰাৱৰ্তন এটি নতুন ৰঙৰ।
যেন সূৰুযে কম্পিত কৰি তোলা
এখনি নব্য ধাৰা
বহু যুগৰ।।
         

◾শ্ৰীমতী গায়ত্ৰী কোঁৱৰ।
 জিলা : ডিব্ৰুগড় ( অসম )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)