হেৰোৱা সুৰ-ৰেণু শৰ্মা

©Admin
0
কোনে দিলে তোক
নীল দুনয়ন
পদুম পাতেৰে ঢকা
কোনে দিলে তোক 
দৰদী পৰাণ
চেনেহৰ ৰহঘৰা
কোনে দিলে তোক 
গাগৰি ভৰাই
স্মৃতিৰ সঁফুৰাখনি
অন্তৰজল গহন বনত
বয় পৰ্বতীয়া জুৰি
কুলু কুলু সুৰে
বয় অবিকল 
যেন গংগা-ভাগিৰথী
আঁকিলি কিয়নো মোৰ আকাশত 
ৰামধেনু সাতেসৰী
বুকুতে ফুলালি ৰজনীগন্ধা 
পৰাণত দিপাৱলী
হেৰোৱা সুৰটি বুকুতে  উজাই
বাঁহীত থিতাপি লয়
জীৱন মৰণ 
একাকাৰ কৰি
অবিকল বাজি ৰয়। 


   ◾ৰেণু শৰ্মা, ডিব্ৰুগড়।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)