মনৰ অনুভৱ-আৰবিনা বেগম

©Admin
0
জীৱনত সদায় নিজৰ মনৰ কথা শুনিবা । তোমাৰ যি ভাল লাগে কৰি যাবা । মানুহে কি ক'ব? মানুহে কি ভাবিব? সেইসমূহ ভাবি তুমি তোমাৰ সময়ৰ লোকচান নকৰিবা । কাৰণ সমাজৰ এচাম মানুহ আছেই যিয়ে আনৰ কথাবোৰ খুচৰি থাকে । সদায় আনৰ বেয়া হোৱাটো বিচাৰি ফুৰে । সদায় আনৰ বেয়া কৰিব বিচাৰি ফুৰে । তেওঁলোকৰ কথা শুনি হাত সাৱতি বহি থাকিলে তুমি জীৱন একো কৰিব নোৱাৰিব । 
সদায় নিজৰ ভাল লগা কামটো কৰি যাবা । তুমি যদি জীৱনত কিবা এটা পাব বিচাৰিছা তেনেহ'লে সেইটো কামত মন দিয়া আনে কি ক'ব 
আনে কি ভাবিব সেইবোৰ তুমি ভাবি নাথাকিবা আৰু মনটোৱে যি ভাল 
বুলি ক'ব তাকে কৰিবা কেৱল । সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিবা ।
তুমি পাৰিবা এবাৰ বিফল হ'লা আকৌ কৰিবা আগতকৈ এইবাৰ আৰু বেছি মন দি কৰিবা দ্বিতীয় বাৰ চাবা তোমাৰ জয় নিশ্চয় হ'ব । 
কেৱল এবাৰ বিফল হ'লে থমকি নাযাবা চেষ্টা কৰি যাবা জয় তেতিয়া তোমাৰেই হ'ব ।।
                                                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)