নীলা খামৰ চিঠি-শ্ৰী মাধূৰ্য ফুকন

©Admin
0
অ' মা , তুমি ক'ত আছা ? তোমাৰ মৰমবোৰ আইতাৰ চকুত যেন মই সদায় বিচাৰোঁ । কিন্তু বিচাৰি নাপাওঁ কেনেকৈ তুমি অচিনাকী দেশৰ আত্মা হ'ব পাৰিলা মা ? তালৈ যোৱাৰ আগত জীৱনৰ বাস্তৱ সংখ্যাবোৰ শিকাই নিদিলা কিয় ? প্ৰতিটো আন্ধাৰত তোমাৰ নামৰ ছবিখন বুকুত বান্ধি নিদ্ৰালৈ প্ৰৱেশ কৰিব খোজোঁ । কিন্তু ! ক'ৰবাত যেন থমকি ৰওঁ। এতিয়া জানা , চকুপানীবোৰ যেন এঠাইত আহি ৰৈ যায়হি নয়নৰ গালত বৰষুণ হৈ বাগৰিবলৈ মন নকৰে , কাৰণ মৰম কৰিবলৈ তুমি নাই যে । অʼ  মা , বিদ্যালয়ৰ বাকৰিত গিৰিশে যেতিয়া তাৰ মাকে মৰমত বনাই দিয়া চকুৱা চাউলৰ পিঠা হাতত খাবলৈ তুলি লয় তেতিয়া তোমালৈ বৰকৈ মনত পৰে। তাক দেখিয়েই মই সুখী হ'বলৈ ধৰোঁ । তুমি অচিনাকী দেশৰ বাসিন্দা নোহোৱা হ'লে তোমাৰ নয়নকো যে তুমি ধূপ পিঠা বনাই দিলাহেঁতেন বন্ধুৰ লগত ভগাই খাবলৈ । অ' মা , একো নক'লা যে ? মা , তোমাৰ ল'ৰায়ে লাহে লাহে আয়ত্ত কৰিবলৈ শিকিছে জীৱনৰ বাস্তৱ সংখ্যাৰ পৰিমেয় পৰিধিবোৰ । কাৰণ তুমিটো জানাই আজি এই শাওণ মাহৰ দিনটোত মোক তুমি দেতিৰ হাতত‌ তুলি অচিন‌ দেশৰ যাত্ৰাত সাঁতুৰিবলৈ পথটো আঁকোৱালি লৈছিলা । তেতিয়া কিন্তু অজ্ঞাত যদিও চকুলো ওলাইছিল । বৰ্তমান তোমাৰ নয়ন জ্ঞাত যদিও চকুপানীৰ বৰষুণবোৰ যেন গাৰত নপৰেহি । অ' মা , মই চকুত কৃত্ৰিম হাঁহি আঁকিবলৈ শিকিছোঁ। সীমাহিন মৰমেৰে ,সুৰবিহীন নয়নৰ বাঁহীৰ সুৰত তোমালৈ লিখা প্ৰথমখন নীলা খামৰ চিঠি । যুক্তাক্ষৰবোৰ ভুল হ'ব
পাৰে ; আৱেগিক হৈ লিখিছোঁ।শুদ্ধ কৰি ল'ব পাৰিবানে মা ?

শেষত...তোমাৰ হৈ মইয়ে নিজক কৈছোঁ মা , "শুভ জন্মদিন নয়ন।ৰং বিহীন চোলাটো মেৰিয়াই আগুৱাই যা...." । এক মুহূৰ্তত দেখোন এনেকোৱা লাগিছে মা যেন দেতিৰ তৰ্জনী আঙুলিত ধৰি নিৰ্ভিক ভাৱে চলাচল কৰা ল'ৰাটোৰ‌ , কলমেৰে ধৰি লিখা হাতখন কঁপিবলৈ ধৰিছে মা... 
                    ইতি
  ‌‌ তোমাৰ ৰং বিহীন নয়ন 
 
:‌

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)