অভিশপ্ত সময়ৰ চকুলো-স্ৰোতস্বিনী দেৱী

©Admin
0
সূৰুযৰ কোমল পৰশত ৰোমাঞ্চিত হৈ পৰা পৃথিৱীখন, 
আজি চোন ক'ৰবাত হেৰাই গৈছে
সেউজীয়া সময় বোৰো যেন অভিশপ্ত হৈ পৰিছে! 
হি‌ংসা-বিদ্বেষ দুৰ্নীতি আৰু দালালৰ পাহাৰ বাঢ়িছে,
নদীৰ বুকুত কালিকা লাগিছে
চাৰিওফালে বলিয়া বানৰ তাণ্ডৱ চলিছে।
তাতেই আকৌ মহামাৰীৰ ধ্বংসযজ্ঞ,
নিষ্পাপ দেৱশিশুৰে পথৰ ডাচবিন ভৰিছে।
পাগলী জনীকো এচামে উলংগ কৰিছে 
ভাই -ভাইৰ মাজত ক্ষুদ্ৰ কথাতেই আজোৰা- আজুৰি
টকাৰ লগতেই সম্পৰ্ক গঢ়িছে
সময়বোৰ দেখোন সচাঁকৈয়ে অভিশপ্ত হৈ পৰিছে!
আকাশখনতো কলীয়া ডাৱৰে আগুৰি ধৰিছে,
সচাঁকৈ নেকি অভিশপ্ত সময়ৰ চকুলো সৰিছে ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)